নামঘোষাত থকা দুই এটি সুন্দৰ প্ৰাৰ্থনাবোৰ,
আমাৰে মইনা শুৱ এ,
শিয়ালী এ নাহিবি ৰাতি ……আদি নিচুকনী গীতবোৰ ৷
লুইতৰে পানী যাবি ঐ বৈ…সন্ধিয়া লুইতৰ পানী সোণোৱালী
চহৰে নগৰে যাৱি অ' বৈ………এইবোৰো গাবলৈ শিকাৱচোন ৷ ইয়াত সোমাই থকা দৃষ্টিনন্দন, নানন্দনিক,চান্দসিক,চন্দোবদ্ধ জীৱন প্ৰৱাহ,মানৱীয় প্ৰমূল্য, এই সাংস্কৃতিক বিজ্ঞান যাত্ৰাৰ যিটো সোঁত,যি শব্দ কলা,যিটো বাক্য গঠন সেইবোৰ আন ক'ৰবাত আছে বুলি মই নাভাবোঁ ৷ আমি যি ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণ কৰোঁ সেই ইংৰাজী ভাষা এজনটোদি সমগ্ৰ বিশ্বত দুহেজাৰ ছয়শটা শব্দ আছে ৷ পৃথিৱীৰ সমগ্ৰ দেশ দখল কৰি সেই বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা সংখ্যাৰে সৈতে ইংৰাজী ভাষাৰ সংখ্যা আজিৰ তাৰিখত বাৰ হাজাৰ প্ৰায় চাৰে পাঁচশ ৷
ইয়াৰ বিপৰীতে অসমীয়া ভাষাৰ নতুনকৈ প্ৰকাশ হ'বলগীয়া অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিবলগীয়া বহল অসমীয়া অভিধানত সন্নিৱিষ্ট হৈছে অসমীয়া ভাষাৰ সংখ্যা এক লাখ পচিশ হাজাৰ ৷ তেতিয়াহ'লে আমি কিমান চহকী ৷ যেতিয়া নাছাই Talking কম্পিউটাৰ বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়া এটিৰ ভাষাৰ প্ৰয়োজন হ'ল ৷ ভাষাটো তেতিয়া সকলোৱে ইংৰাজী ভাষাক প্ৰাধান্য দিলে ৷ I know him কিন্তু Talking কম্পিউটাৰৰ বিবেক নাই ,Talking কম্পিউটাৰৰ মগজ নাই, মানুহে যি কয় কম্পিউটাৰটোৱে তাকে লিখে ৷ গতিকে I know him বুলি কওঁতে knowৰ প্ৰথম আখৰ k আৰু w আখৰটো নোহোৱা হৈ অৰ্থাৎ no হৈ বাক্যটো বিকলাংগ হৈ পৰিল ৷ গতিকে এনে অৱস্থাত বিশ্বত এক আধুনীক বিজ্ঞান ভাষাৰ সন্ধান চলিল আৰু সেই বিজ্ঞান ভাষাটোৱে হৈছিল সংস্কৃত ভাষা ৷ এই সংস্কৃত ভাষাত আজিৰ তাৰিখত Talking কম্পিউটাৰ আৰম্ভ হল ৷ আজিৰ তাৰিখত Talking কম্পিউটাৰ যি কৰে সংস্কৃত যি জানে সি Talking কম্পিউটাৰ নাজানে ৷ যি talking কম্পিউটাৰ জানে সি সংস্কৃত নাজানে ৷
গতিকে মোৰ ঘৰত মোৰ দেউতাৰ শ্ৰাদ্ধ পাতিছো যদি তাৰ বাবে মই এজন পুৰোহিত মাতিছোঁ ৷ পুৰোহিতে আম খৰি পুৰি জুই জ্বলাই যি মন্ত্ৰ মাতিছে তাৰ প্ৰতিটো মন্ত্ৰত পইছা দিছো পুৰোহিতেও হাঁহি হাঁহি তাক গ্ৰহণ কৰিছে ৷ পুৰোহিতো কাম-কাজ কৰি গুছি গৈছে ৷ পুৰোহিতো সুখী মইয়ো সুখী ৷ কিন্তু পুৰোহিতে কি মন্ত্ৰ গালে তাক মই কিন্তু নাজানিলো কাৰণ সংস্কৃতত মতা মন্ত্ৰৰ অৰ্থই নাজানোঁ ৷ বৰ্তমান সময়ত সংস্কৃতৰ অৱস্থাটো আজিৰ দিনত এনেকুৱাহে হৈছে ৷ সেইকাৰণে আমিও এবাৰ নিজৰ মাতৃভাষাটো কি হ'ব ভবা উচিত ৷ অসম আৰু অসমীয়া ভাষাটোৰ শব্দৰ বিপুল সম্ভাৰেৰে মাটি আৰু মানুহৰ সভ্যতা সংস্কৃতিৰ বিশাল বিজ্ঞানৰ বাটটোক আগুৱাই নিয়াত শিক্ষাৰ মাধ্যম সমূহত মাতৃভাষাৰ শোভাযাত্ৰা কৰা উচিত বা মাধ্যম হিচাপে লোৱা উচিত ৷
ভূগোলে কেতিয়াও এটা জাতি গঠন কৰিৱ নোৱাৰে ৷ ভূগোল কেতিয়াও এটা জাতিৰ হৃদপিণ্ড হৱ নোৱাৰে ৷ বুৰঞ্জীয়ে কেতিয়াও এটা জীয়া জাতিৰ পৰিচয় নিদিয়ে ৷ মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক নহয় ৷ ভূগোল আৰু বুৰঞ্জী এই দুইটাই তাঁতৰ শালৰ এক ওশালি, দীঘ আৰু বাণি ৷ ইটোৱে সিটোৰ পৰিপূৰক নহৱ পাৰে কিন্তু ইটো সিটোৰ সমানুপাতিক ৷ গতিকে ভূগোল আৰু বুৰঞ্জীৰ গৰ্ভত সোমাই থকা ইতিসাহ চেতনা ,মোৰ ঘৰখনৰ চাৰিসীমাৰ যিটো ভৌগোলিক অবয়ৱ এই ইতিসাহ চেতনাৰ ভৌগোলিক অবয়ৱক যদি মই বুকুত স্থাপন কৰিৱ নোৱাৰোঁ তেনেহ'লে মই কেংগেৰুৰ আগঠেং দুখনৰ দৰে যেনিয়ে তেনিয়ে ঘূৰি ফুৰিৱ লাগিব ৷ গতিকে "চিৰ চেনেহী ভাষা জননী" বুলি কোৱা কথাষাৰৰ লগতে আই মুখৰ(মাতৃভূমি) ভাষাটোক নতুন ৰূপত জিলিকাই নিয়াৰ প্ৰয়াস সদায় কৰি যাব লাগিব ৷ নৱ -প্ৰজন্মকো নতুন চেতনাৰে মাতৃভাষাটোক প্ৰদান কৰাৰ দিহা কৰা উচিত ৷ আৰু নতুন ৰূপেৰে তেতিয়াহে আমি সমগ্ৰ পৃথিৱীত দেখুওৱাব পাৰিম যে আমাৰ ভাষা সমুজ্জ্বল ৰূপটো তোমালোকৰ ভাষাটোতকৈ কোনো গুনেই কম নহয় ৷ এটা কথা মন কৰিব আমাৰ অধ্যয়ণশীল সকলৰ ভিতৰত হয়তো বহু সকলে জানে মহাৰাষ্ট্ৰৰ
ভাষাৰ শব্দৰ সংখ্যা হৈছে চল্লিশ হাজাৰ,গুজৰাটী ভাষাৰ শব্দৰ সংখ্যা হৈছে উনচল্লিশ হাজাৰ,হিন্দী ভাষাৰ শব্দৰ সংখ্যা পয়শষ্ঠি হাজাৰ,বঙালী ভাষাৰ শব্দৰ সংখ্যা হৈছে সত্তৰ হাজাৰ,প্ৰাক সংস্কৃত ভাষাৰ শব্দৰ সংখ্যা হৈছে ডেৰ লাখ ,আটাইটকৈ বেছি শব্দৰ সংখ্যাৰ ভাষাটো হৈছে পাকৃত ভাষা ৷ অৰ্থাৎ ভাৰতীয় সভ্যতা দৰ্শনৰ মাটিৰ পৰা উদ্ভাসিত বিভিন্ন ভাষাত সন্নিবিষ্ট হৈ থকা ,লুকাই থকা শব্দ সম্ভাৰ আমাৰ গোটেই জীৱন কালত প্ৰভাৱিত হৈছে ৷ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে যে :-
মই ক'ত পৰ্বতৰ ক'ত ভৈয়ামৰ
শত শত নিজৰাৰ ধাৰ,
শিল দ'ল ভাঙি বৈ আহি আহি
বৰলুইতত হৈ যাওঁ একাকাৰ ৷৷
এই যে মহানদী ,মহানদীৰ পৰিগ্ৰহ কৰিছে ব্ৰক্ষ্মপুত্ৰই ৷ বিভিন্ন নদী,উপনদী আহি ব্ৰক্ষ্মপুত্ৰত পৰিছে ৷ জ্যোতি প্ৰসাদে কোৱা মই ক'ত পৰ্বতৰ,মই ক'ত ভৈয়ামৰ ,শত শত নিজৰাৰ ধাৰ এইবোৰ যদি আমি ভাৱো এইবোৰ মাটিৰ মিশ্ৰণ ,এইবোৰ শিলৰ মিশ্ৰণ,এইবোৰ বোকাৰ মিশ্ৰণ আৰু এইবিলাকেই ব্ৰক্ষ্মপুত্ৰত পৰিছে তেনেহ'লে ভুল ভাৱিছো ৷ আমি ভবা উচিত অসমত বসবাস কৰা সকলো নৃ-গোষ্ঠীয় মানুহৰ জীৱন কলাক ইতিসাহ চেতনাক,লোক কলাক ,শব্দ সম্ভাৰক জ্যোতিপ্ৰসাদে পৰ্বতৰ মাজেৰে বোৱাই আনি এক নিদিষ্ট ঠাই ব্ৰক্ষ্মপুত্ৰত পেলাইছে ৷ ব্ৰক্ষ্মপুত্ৰক এক মহান জাতি যাক আমি জাতি বুলি কওঁ ই আচলতে অসমীয়া মহাজাতিলৈ পৰিণত হৈছে ৷ মহাজাতিৰ Concept আজিকালি কমি আহিছে আৰু মহাজাতিৰ Conceptটোৱেই ব্ৰক্ষ্মপুত্ৰক আজিও বোৱতীমান কৰি ৰাখিছে ৷ ব্ৰক্ষ্মপুত্ৰ যিমান দিনলৈকে বৈ থাকিব সিমান দিনলৈকে অসমীয়া জাতি জীয়াই থাকিব ৷ অসম আৰু অসমীয়া ভাষা ,মাটি,অসমত বসবাস কৰা নৃ-গোষ্ঠী মানুহ এই সকলোৰে মূল চন্দ্ৰতাপখন হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৷ যিমান দিনলৈকে অসমৰ এই জনগণে শ্ৰীমন্ত শংকৰদেৱক আৰু মাধৱদেৱক বুকুত স্থান দি ৰাখিৱ পৃথিৱীৰ কোনো শক্তিয়ে এই মহান জাতিটোক কেতিয়াও নি:শেষ কৰিব নোৱাৰিব ৷ যি দিনাখনেই অসমীয়া জাতিয়ে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক পাহৰিৱ সেইদিনা পৃথিৱীত এনে কোনো শক্তি নাথাকিব
যিটো শক্তিয়ে অসমীয়া জাতিটোক ৰক্ষা কৰিব পাৰিব ৷ গতিকে আমি আমাক ৰক্ষা কৰাৰ যিটো মেৰুদণ্ড নিজেই প্ৰস্তুত কৰি লৱ লাগিব ৷ আমাৰ যদি মেৰুদণ্ড বেকা হয় ,আমাৰ যদি ভাষায়ে সেই ৰূপৰ পৰা আঁতৰি গৈ বিজতৰীয়া ভাষাৰ সৈতে সামঞ্জস্য স্থাপন কৰে তেন্তে খুওৱ কম দিনৰ ভিতৰতে আমাৰ ভাষাই সেই শক্তি হেৰুওৱাই পেলাব ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ