মানুহ নাছিল
শান্ত-সমাহিত পিতায়ে অহৰহ
কঢ়িয়াই ফুৰিছিল এখন পাঠশালা
কাষৰ পৰা দেখিছিলোঁ
পিতাইৰ বাবে গোটেই বিশ্বখনেই পাঠশালা
পিতাইৰ জীৱনচৰ্যা আছিল
আমাৰ পঠনীয় গ্ৰন্থ,
হয়তো পিতাইৰ সান্নিধ্যলৈ
অহা প্ৰতিজনৰ
এক বিপ্লৱী সত্তাৰ নাম
আমাৰ পিতাই
পিছে পিতাইৰ বিপ্লৱৰ আছিল
মানৱীয় জীৱনবোধৰ
পিতাইৰ বিপ্লৱ আছিল
সেউজ সোণোৱালী শইচৰ।
আইৰ আঁচল এৰি ভাৰসাম্যহীন
হোৱাৰ পৰত পিতাইৰ তৰ্জনী
আগবঢ়াই দি কৈছিল,
আগলৈ গৈ থাক নৈৰ দৰে বৈ থাক
পিছলৈ নাচাবি
বাটে -ঘাটে জাবৰ-জোঁথৰ থাকিবই
বেয়া নাথাকিলে ভালটো
চিনিবি ক'ৰপৰা
পিতাইৰ ভাৱনাবোৰ
এতিয়া বুকুলৈকে শিপাইছে
দেখোন ক্ৰমশঃ
কিমান ভাল কাম কৰিলে মহৎ
হয় নাজানোঁ
মোৰ বাবে পিতাইৰ সমান মহৎ লোক কোনো নাই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ