হেঁপাহৰ ভোগালী বা ভোগৰ ভোগালী -সংযুক্তা দত্ত

@admin
0
  " মাঘৰ বিহু আহিল মইনা 
               মাঘৰ বিহু আহিল।
      মেজিৰ জুইও জ্বলিল মইনা
         মেজিৰ জুইও জ্বলিল।
         অসমীয়াৰ মন-প্ৰাণ 
            ৰংঙে ৰসে ভৰিল মইনা
               ৰংঙে ৰসে ভৰিল ।" 

             
      যেতিয়া চাৰিওফালে কুঁৱলীয়ে আৱৰি ৰাখে দূৰদূৰণিলৈকে একো দেখা পোৱা নাযায় । কেৱল ঠাণ্ডাত থকথককৈ কপি থকা হয়। আৰু তাৰ মাজতেই এই গানটো দূৰৰপৰাই ভাঁহি আহে তেতিয়াই মাঘ বিহু মাঘ বিহু লাগে। অৰ্থাৎ পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘবিহু পালন কৰা হয়। আৰু পুহ মাহৰ সংক্ৰান্তিৰ আগদিনা উৰুকা পতা হয়। আৰু উৰুকালৈ বুলি সকলোৱে মিলি জুলি ভেলাঘৰ প্ৰস্তুত কৰে । আজি কালি ভেলাঘৰ খুউব কম দেখিবলৈ পোৱা যায়। তাথাপিও কিছুমান ঠাইত ভেলাঘৰ বনোৱা হয়।
উৰুকা দিনা সকলোৱে মিলি পৰিয়ালৰ সৈতে ওচৰ চুবুৰীয়াৰ সৈতে লগে ভাগে এসাঁজ তৃপ্তিৰে খায়। আৰু সেই তৃপ্তিৰ এসাঁজত থাকে পুখুৰীৰ মাছ, ভঁৰালৰ ধান অৰ্থাৎ ঘৰৰ চাউল , বাৰীৰ শাক পাচলি । আৰু সকলোৱে আনন্দৰে সেইবোৰ ভোগ কৰে কাৰণে ভোগৰ ভোগালীক ভোগালী বিহু বুলি কোৱা হয়।  

              পাছদিনা অৰ্থাৎ পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। ৰাতিপুৱা সোনকালে মেজিৰ জুইত পিঠা , লাৰু , আদি দি অগ্নিদেৱতা ওচৰত সেৱা লোৱা হয়। বছৰটোৰ মংগল কামনাৰ কাৰণে। তাৰ পাছত বয়োজ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক বিহুৰ ওলগ জনাই জলপানৰ দিহা কৰা হয় । য'ত বিহুলৈ বুলি হেঁপাহেৰে বনোৱা লাৰু, পিঠা, ঘৰৰ দৈ, চিৰা মুৰি গুৰ আদি সকলোৰে সৈতে ভগাই খোৱা হয়। হেঁপাহেৰে বনোৱাৰ কাৰণে হেঁপাহৰ ভোগালী বুলিও কোৱা হয়।  
                    সকলোলৈ ভোগালী বিহুৰ ওলগ জনালোঁ ।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)