বৰষুণ এজাক আহিবলৈ দিয়া-বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

Rinku Rajowar
0
বৰষুণ এজাক আহিবলৈ দিয়া
জীপাল কৰিবলৈ দিয়া হৃদয়ৰ শুকান মাটি।
মৰুভূমিৰ দৰে শুকাই থকা বুকুত
সিঁচি দিম সেউজীয়া এমুঠি শস্যৰ বীজ।

বহুদিন ধৰি বৰষুণ অহা নাছিল
জীপাল কেনেকৈ হ'ব হৃদয়ৰ শুকান মাটি !
ক্লান্তহীন দেহাটো অকণমান জিৰণি লবলৈও
বৰষুণ নোহোৱাত গছ এজোপা যে নাই।

বৰষুণ এজাক আহিবলৈ দিয়া
মৰমৰ বীজবোৰ সিঁচি থলোঁ কেতিয়াবাই।
বৰষুণজাক আহিলেই মাটি চহাম
মৰুভূমিত আঁকিম এখনি ধুনীয়া ধৰণি ছবি।


🖋️বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
     ঘৰ:-কাকী(হোজাই)
     ফোন নং:-৬৩৬১২৬৬৪৮২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)