পুহ গুচি মাঘ হ'ল আমাৰ মেজি জ্বলি গ'ল-ভাস্বতী কলিতা

©Admin
0
বিহু হৈছে অসমৰ জাতীয় তথা বাপতি সাহোন উৎসৱ। বিহুৰ সকলো কাম-কাজেই সমূহীয়া ভাৱে হয়, যাৰ ফলত মানুহৰ মাজত মিলাপ্ৰীতি তথা ঐক্যভাৱ বৃদ্ধি হয়। বিহুৰ জৰিয়তে অসমীয়া সমাজে এক নিজস্ব পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে। 
       মাঘ বিহু বা ভোগালী বিহু আদিম যুগৰ পৰাই অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। পুহত শালিধান, মাহ আদি শস্য চপাই মানুহে ভৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভৰাল উপচাই বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান চাউল খাবলৈ থাকে। সেয়ে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাড়ু, আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। তাৰোপৰি এই বিহুত মূলতে হ'ল চুঙাপিঠা। 
      আহোমৰ ৰাজত্ব কালত এই বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল ধেমালিৰ আয়োজন কৰিছিল। হাতী যু্ঁজ, কুকুৰা যুঁজ, কণী যুঁজ, শেন যুঁজ, ম'হ যুঁজ সেইসময়ত প্ৰচলন আছিল বুলি জানিব পাৰি।
        মাঘ বিহুৰ মূখ্য আকৰ্ষণ হ'ল মেজি জ্বলোৱা। গাঁৱৰ ডেকা সকলে পুহ মাহতে নৰা কাটি ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা সকলোৱে লগ হৈ ভোজ ভাত খাই নাচি বাগি একেলগে আনন্দ উলাহ কৰে। মেজিৰ তলত আশীর্বাদ ল'লে ব্যক্তিৰ মনৰ আশা আকাংক্ষা পূৰ্ণ হয় বুলি জনবিশ্বাস আছে। 
      বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান আদিত একোটা চুবুৰী বা এখন গাঁৱৰ ৰাইজে সমূহীয়া কৈ মাছ ধৰে। আৰু সেই মাছেৰে উৰুকাৰ নিশা ভোজ ভাত খায়। 
         উৰুকাৰ নিশাৰ পৰম্পৰা: পুহ মাহৰ শেষৰ দিনটোত উৰুকা উদযাপন কৰা হয়। উৰুকাৰ নিশা চেমনীয়া ল'ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা শাক- পাচলি, খৰি, জেওৰা-জপনা আনি চুৰ কৰি লৈ যায়। এই প্ৰথাৰ বাবেই গৃহস্থয়ো সাধাৰণতে গোটেই ৰাতি ঘৰৰ চৌহদত চকু ৰাখে। 
      ৰাতিপুৱাৰ লগে লগে গা- পা ধুই মেজিত জুই লগাই আৰু মেজি পুৰা শেষ হোৱাৰ পিছত আধা পুৰা বাহ নি মানুহৰ ঘৰত নি লাগনি গছত ওলোমাই দিয়ে যাতে গছকেইডালৰ বৃদ্ধি ঘটে।ইয়াৰ পিছত ঘৰলৈ গ্যাতি কুটুম্বক মাতি জা-জলপান, পিঠা-লাড়ু খুৱাই আশীর্বাদ লোৱা হয়।। 

       ✍️ভাস্বতী কলিতা
          ভেৰুৱা, দৰং
   ফোনঃ ৬৯০০৯৫৭২০৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)