হৃদয়ৰ টুকুৰাবোৰ থুপাই থুপাই,
সাজিব খোজো সপোনৰ কাৰেংঘৰ
স্মৃতিৰ ইটাবোৰ সজাই সজাই।
বিচাৰি ফুৰোঁ তাতে তোমাৰ অস্তিত্ব
জানিও সেয়া মৰিচিকাৰ প্ৰলোভন,
পলকৰ বা লাগি নিমিষতে ধূসৰ হয়
কল্পনাৰ কেনভাচত আঁকি ৰখা
তোমাৰ যুগল হৰিণি নয়ন।
অমানিশাৰ লহৰে লহৰে কৰা
ছদ্মবেশী গনিকাৰ উত্তাল নৃত্যত
যদিও মই হেৰাই যাও ক্ষণিকৰ বাবে,
ৰঙা-নীলা জামৰ পিয়লাত
ভাঁহি ফুৰা তোমাৰ সেই আধৰুৱা
মনালিছাৰ সদৃশ ৰহস্যময়ী হাঁহিৰ অৰ্থ,
বাৰে বাৰে খোজো মই নিৰবে।
গভীৰ নিশাৰ ফেঁচাবোৰৰ আৰ্তনাদী কুৰুলীয়ে
মোৰ নিসংগতাক সহাৰি জনায়,
অপূর্ণ আশাৰ এবুুকু বেদনাৰ পুৱতি নিশালৈ
কেৱল মই থাকো বাট চাই।
✍️ফখৰুদ্দিন আলি আহমেদ
শালকাটি পথাৰ, ধিং, নগাঁও
৯৯৫৭২২৭৬৫২
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ