শিশু উপন্যাস“ছবি”০১ - তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
'দে হাতখন দে' 
এইবুলি অংক মাষ্টৰে উৎপলৰ হাতৰ তলুৱাত গাৰজোৰে দুই চাট লগাই দিলে। চাট খাই সি কেৰাহিকৈ লগৰীয়াবোৰলৈ চাই দাঁত নিকটাই হাঁহি দিলে। 
অংক মাষ্টৰ গৰজি উঠিল - 
-'হাঁহিবলৈ আহিছ, মাৰ চিনি পোৱা নাই; কোবাই একেবাৰে চাল চিঙি দিম।'
এইবাৰ সি কোনোমতে ওঁঠ যোৰ লগ লগাই মাষ্টৰৰ মুখলৈ ভেবা লাগি চাই থাকিল।
-'যা ওলাই যা, বাৰাণ্ডাত কাণত ধৰি থিয় হৈ থাক গৈ যা।' 
অংক মাষ্টৰে তাক শ্ৰেণী কোঠাৰপৰা উলিয়াই দিলে। 
-'অংক এটা কৰিব নোৱাৰে,ওচৰৰ কেইটাকো দিগদাৰ কৰি থাকে। সদায় কিবা এটা লৈ আনিব আৰু সেইটোকে লৈ টনা-আঁজোৰা, হাঁহি-খিকিন্দালি চলি থাকিব। আজি দেউতাৰক মাতি সব গোচৰ দিম ৰহ।'
অংক মাষ্টৰৰ খং উঠা দেখি গোটেই শ্ৰেণীকোঠা কাঁহ পৰি জীণ যোৱাৰ দৰে হ'ল। তেখেতে কিতাপখন লৈ অনুশীলনীৰ অংক দুটা বুজাই দিলে।
-'বুজিছা নে ?'
-'বুজিছো চাৰ'
লাহেকৈ দুই এজনে উত্তৰ দিলে।
-'টং'  
বেলটো বাজিল। পাঠদানৰ সময় শেষ হ'ল।
উৎপল সংযত হ'ল। ভালকৈ কাণত ধৰি তলমূৰ হৈ ঠিয় দি থাকিল। 
         দুয়োফালে শ্ৰেণীকোঠা মাজতে দীঘল বাৰাণ্ডাখন। সি দূৰলৈ চাই পঠিয়ালে। কিজানি কোনোবা ল'ৰা-ছোৱালী বাহিৰলৈ যাওঁতে তাক দেখি গৈছেই। 
সকলো শিক্ষক এতিয়া তাৰ আগেদিয়েই কমনৰূমলৈ যাব। লগে লগে বেলেগ ক্লাছৰ ল'ৰা-ছোৱালীও বাহিৰলৈ ওলাই আহিব। কথাবোৰ ভাবি তাৰ লাজ লাগিল। এনেতে বেল মাৰি ঘূৰি অহা চকিদাৰটোৱে তাক ক'লে -
-'আজিও তই বাহিৰত!' 
হাঁহি হাঁহি সুধিলে- 
-'কি হ'ল ?'
উৎপলে হাঁহি মাৰি সৰুকৈ ক'লে- 
-'একো হোৱা নাই। কথা পাতি আছিলোঁ।'
-'সদায় সদায় বাহিৰত ওলাই ভাল লাগে নেকি ?'
এইবুলি কৈ চকিদাৰজন নিজৰ কামত আগবাঢ়িল।
উৎপলৰ মুখৰ আগেদি চাৰ-বাইদেউসকল পাৰ হৈ যাওঁতে, সকলোৱে তাক একাষাৰ একাষাৰ শুনাই থৈ গ'ল। কোনোৱে ক'লে- 
-'কি হ'ল ?'
কোনোজনে আকৌ - 
-'তই  আজিও বাহিৰত ?'
বিজ্ঞানৰ চাৰে সুধিলে - 
-'কোনে উলিয়াই দিলে অ' তোক?'
-'চন্দন চাৰে।'
উৎপলে মূৰ তললৈ কৰিয়েই উত্তৰ দিলে।
উত্তৰ শুনি চাৰে মুখখন টিপি মূৰটো জোকাৰি একো নোকোৱাকৈ গুচি গ'ল। কোনো শিক্ষকে তাক শ্ৰেণীকোঠাৰ ভিতৰত সুমুৱাই থৈ নগ'ল। 
        কেইবাটাও শ্ৰেণী কোঠাৰ দুৱাৰ মুখত ল'ৰা-ছোৱালীয়ে জুম বান্ধি তাক জুমি জুমি চালে। চকিদাৰটোৱে দূৰৰপৰাই সিহঁতক লক্ষ্য কৰি ভিতৰ সোমাবলৈ ইংগিত দিলে।
-'হেডচাৰে মাতিলে কি হ'ব?'
 বিদ্যালয়ৰ প্ৰধান শিক্ষকে মাতে বুলি উৎপলে ভয় খাই আছে। চাৰে মাতি কি শাস্তি দিয়ে ঠিক নাই। এনেতে তাৰ লগৰ ছোৱালী দুজনী তাৰ আগেদিয়েই হেডচাৰৰ কোঠালৈ গ'ল। অলপ পাছত ঘূৰি আহিল। উৎপলে সিহঁতক লাহেকৈ সুধিলে- 
-'চাৰ নাই নেকি ?'
সিহঁতে হাতখন জোকাৰি বুজাই থৈ গ'ল,
-'নাই।'
 উৎপলে মনে মনে ভালেই পালে। 
অলপ পাছতেই পাছৰ পিৰিয়দটোলৈ শিক্ষকসকল তাৰ মুখৰ আগেদিয়েই এজন এজনকৈ শ্ৰেণীকোঠালৈ গৈ আছে। 
           সিহঁতৰ এতিয়া সমাজ বিজ্ঞানৰ পাঠদান হ'ব। অঞ্জনা বাইদেৱে সিহঁতৰ সমাজবিজ্ঞান পঢ়ায়। বাইদেউ বৰ ভাল। তাক বাইদেৱে মৰম কৰে। তাৰ পঢ়াত মন নাই কাৰণে বেয়া পালেও বাইদেৱে তাক কয় -
-'যিটো কৰি ভাল পাৱ তাকে মনোযোগেৰে কৰিবি। শিক্ষা হ'লেহে চলিব পাৰিবি। এই শিক্ষা পুথিগতই হওক বা হাতৰ কামেই হ'ওক। কাম জানিলেই জীৱনত সুখী হৈ চলিব পাৰিবি।'
বাইদেৱে তাক পঢ়া নোৱাৰাৰ বাবে কেতিয়াও গাধা বুলি গালি পৰা নাই। বৰঞ্চ সি কিবাকিবি বস্তু বনাব পাৰে বুলি জানি তাকে কৰিবলৈ উৎসাহ দিছিল। সি পেলনীয়া কাগজেৰে সজা ধুনীয়া বঁটা এটা বাইদেউক উপহাৰ দিছিল। 
এতিয়াও বাইদেউ আহি তাৰ কাষত ঠিয় হৈ তাক ক'লে-
-'যা এতিয়া, চুপ-চাপ ক্লাছত বহি থাকগৈ।'
 সি হাতদুখন পাছলৈ কৰি ল'ৰা-লৰিকৈ শ্ৰেণীকোঠালৈ গ'ল। 
শ্ৰেণীকোঠাত সি চুপ-চাপ বহি থাকিল।

        ✍️তিলোত্তমা মহন্ত গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)