সম্পৰ্কবোৰৰো এটা নাম লাগে-চাদ্দাম হুছেইন

©Admin
0
জীৱনৰ সমীকৰণটো বৰ জটিলেই
সকলো ঠিকে থকাৰ পিছতো
ক'ত কেনেকে কেনা লাগি যায়
ভাবি ভাবিয়ে জীৱনৰ বেলা টুটি যায়।

আজিকালি বজাৰত বেচা নাযায়
সম্পৰ্কবোৰ
নহ'লেতো নিশ্চয় নাম এটা থাকিলহে!

এতিয়া কোৱা কি নাম দিওঁ এই সম্পৰ্কৰ
ঘনাই মামৰে ধৰে আজিৰ প্ৰণয়ৰ শিকলিবোৰত
লোৰ মামৰ গুচাব পাৰি ,সম্পৰ্কৰবোৰ
 কি কৰোঁ?

বিনা মেঘে বজ্ৰপাত পৰে বোলে!
তেন্তে থাকিবলৈ দিয়া তোমাৰ মোৰ
বিনা নামে এটি বেনামী সম্পৰ্ক
আহৰি পালে বাৰু এটা নাম দুয়ো মিলি থম ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)