শেষত আপোনাৰ লেখাৰ বাহিৰে একোৱেই স্থায়ী নহয়-নৱজ্যোতি কাশ্যপ

©Admin
0
হেম বৰুৱা! যিজন ব্যক্তিক মানুহে ৰাজনীতিবিদতকৈ সাহিত্যিক হিচাপে অধিক চিনি পায়। চন ১৯৫৭ ৰ কথা ,লোকসভা নিৰ্বাচনৰ সময় সমাগত। উক্ত চনতে হেম বৰুৱা প্ৰথমবাৰৰ বাবে লোকসভালৈ সাংসদ (MP)হিচাপে নিৰ্বাচিত হয়।
সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত হেম বৰুৱাৰ বন্ধু এজনে কৈছিল" এফালে আপুনি নিৰ্বাচনত জয়ী হোৱাত সুখী,কিন্তু আনফালে মই সুখী নহয়। কাৰণ এতিয়া আপুনি সাহিত্যৰ সাধনালৈ পিঠি দিব। অৱশ্যে তেওঁ বন্ধুৰ কথা ভুল প্ৰমাণিত কৰিছিল। নতুন দিল্লীত থকা সময়তে হেম বৰুৱাৰ কলমৰ পৰা নিগৰিত হৈছিল শ্ৰেষ্ঠ সাহিত্য সম্বল।
            আনকি স্বনামধন্য ব্যক্তি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণো সুখী হৈছিল সাংসদ হিচাপে হেম বৰুৱাই কৰ্ম কৰি যোৱাৰ সমান্তৰালভাৱে শ্ৰেষ্ঠ সাহিত্য ৰচনা কৰি যোৱাত। সেয়ে তেওঁ এবাৰ হেম বৰুৱাক কৈছিল" হেম, আপুনি লিখাত মই আনন্দিত হৈছোঁ,শেষত আপোনাৰ লেখাৰ বাহিৰে একোৱেই স্থায়ী নহয়।"

বি.দ্ৰ: হেম বৰুৱা কেৱল গুৱাহাটী লোকসভাৰে সাংসদ নাছিল,তেওঁ আছিল মঙলদৈ লোকসভা(বৰ্তমানৰ দৰং-ওদালগুৰি)সমষ্টিৰো সাংসদ(১৯৬৭চনৰ নিৰ্বাচনত জয়ী হৈছিল)।

তথ্য উৎস: Hem barua

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)