ভোগালীৰ আশা-বন্দনা চৌধুৰী

©Admin
0
কৃষকৰ সপোন
হেজাৰ আশা
বন্ধা আছে
ভোগালীৰ মাজত ---
বছৰ জোৰা কষ্টৰ ফল
হেজাৰ আশা
সকলো মিলি 
উচাহত কটাওঁ
এই ভোগালীত---
ভোগৰ বতৰাত
খাটি খোৱা জনৰ
আনন্দই সুকীয়া
সকলো জয় জয়
ময় ময় চাৰিওফালে--
একে লগে মিলি
ভোজ-ভাত খাই
মেজিৰ সমুখত আঠুলৈ
আশীষ বিচাৰি
প্ৰণাম কৰে অগ্নি দেৱতাক এই সৰু সৰু আশাবোৰ
মনত দকৈ সোমাই অন্তৰখন আৰু বেছি
বহলাই ভোগালীৰ বতৰত--
দুখ-কষ্ট এফালে
কাতি কৰি থৈ
মনৰ আনন্দত
আহা আমি
সকলোৱে মিলি
ৰঙীন কৰোঁ
ভোগালীৰ আশা ---।

       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)