একো কথাকে নোকোৱা,
মই জানো, তুমি মোক ভাল পোৱা ।
যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত,
মই অনুভৱ কৰিছো নদীৰ উজান ।
যদিও হেপাঁহ তোমাৰ নিশব্দতাত দ্ৰৱীভূত,
মই শুনিছো অন্তৰ তৰঙ্গত জীৱনৰ গান ।।
যদিও তোমাৰ হৃদয়ৰ অৱস্থান গোপন ঘৰত,
মই হৃদয়ঙ্গম কৰিছো তোমাৰ আবেগিক চকুলো ।
যদিও তোমাৰ প্ৰেমৰ মিঠা ভাষা কঁপিছে জাৰত,
মই তোমাৰেই বাগিচাৰ পৰা গোলাপ ফুল তুলো ।।
আচলতে--------
প্ৰেম যিমানেই থাকক নিঃশব্দ,
যিমানেই ন'হঁওক কিয় অপ্ৰকাশ,
প্ৰেমে কেতিয়াও বাধা নামানে---
অজানিতে চুই যায় সিটো প্ৰান্তৰ আকাশ ।
✍️বিনিময় দাস, নগাঁও
ফোন নং:৯৪৩৫৫৩৭৫৯১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ