চাওতে চাওতে শীতৰ কঠোৰতা সামৰি চেনেহৰ ভোগালী আহি আগচোতাল পালেহি। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা উলহ-মালহেৰে উদযাপন কৰা এয়া সকলোৰে অতিকৈ আপোন 'মাঘ বিহু'। চেনেহৰ বিহুটিক লৈ যে শত কৃষকৰ সপোন। সৌ সিদিনা চপোৱা নতুন চাউলমুঠিৰে ভেলাঘৰতে মিলিজুলি এসাঁজ খোৱাৰ হেঁপাহকণতো আছেই। বিশেষকৈ এই বিহু প্ৰকৃতিয়ে দিয়া প্ৰতিজন গঞা অসমীয়াৰ সুখৰ বতৰা। কাহিলী পুৱাৰে পৰা বেলি ডুব যোৱা পৰলৈকে হোৱা দেহাৰ অৱসাদখিনিও যেন ইয়াতেই নোহোৱা হয়। নামেই যাৰ ভোগালী‚ সকলো ফালেই কেৱল ভোগ আৰু ভোগ। ভঁৰালত ধান‚ পুখুৰীত মাছ‚ বাৰীত তামোল-পাণ। আৰুনো কি লাগে? লগতেচোন গৰুৰ খাটি গাখীৰ আছেই। যদিও আজিৰ মানুহবোৰে দোকানৰ কিনা বস্তুৰেই বিহু পাতে; তথাপি সেই ঢেঁকীত খুন্দি মা-হতে বনোৱা জলপান‚ লাৰু-পিঠাৰ দৰে জানো সেইবোৰ হ'ব পাৰে। উৰুকাৰ নিশা ভেলাঘৰত জুইৰ তাপ লৈ খোৱা ভাতসাঁজৰ মাদকতাই সুকীয়া। কিন্তু আজিকালি দুই-একৰ বাহিৰে সকলোৱে নিজৰ ঘৰতেই দৈনন্দিন খোৱা-লোৱাৰ দৰেই ভোগালীৰ ভাত সাঁজ খায়। কিবা তৃপ্তি আছেনে বাৰু তাত? চহা কৃষকসকলেইহে প্ৰকৃততে অসমীয়া সংস্কৃতি ধৰি ৰাখিছে। আধুনিকসকলে সংস্কৃতিৰ সংজ্ঞা সুন্দৰকৈ আৰু শুদ্ধকৈ দিব পাৰিব সঁচা; কিন্তু তাক উপলব্ধি কৰি জীয়াই ৰখাত বাৰুকৈয়ে অসমৰ্থ। বাৰু যিয়ে নহওক! এতিয়া ভোগালীৰ বতৰ। সকলোৱে মিলিজুলি আনন্দ কৰাৰ সময়। এই বিহুৰ জৰিয়তেই আমি একেলগ হওঁ। সকলোৱে এসাঁজ তৃপ্তিৰে খাওঁ। পথাৰৰ ম'হযুঁজ চাবলৈতো আছেই। শাকে-পাচলিয়ে যে এই সময়ছোৱা কিমান উভৈনদী! মাঘৰ মেজি জ্বলাই অগ্নিদেৱতাক সেৱা জনালেই যেন শৰীৰ আৰু মনলৈ সতেজতা আহে। এয়াই মাঘ বিহুৰ তাৎপৰ্য্য। যিয়ে অসমীয়া সংস্কৃতিৰ ঐতিহ্য তথা পৰম্পৰা ধৰি ৰখাত সহায় কৰি আহিছে। ভোগালীয়ে প্ৰতিজন অসমীয়াক একতাৰ এনাজৰীৰে বান্ধি ৰাখি আমাৰ সংস্কৃতিক জীয়াই ৰাখিছে। গতিকে আহক! সকলোৱে পৰম্পৰাগত নীতি-নিয়মেৰে ভোগালীক আদৰোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ