চিকিৎসালয়ৰ চাৰিওফালে চিঞৰৰ শব্দ। কোনোবাই যদি ৰোগীক চিকিৎসালয়লৈ আনিছে, কোনোবাই ঘৰলৈ নিছে। আকৌ আন কোনোবাই আন এখন চিকিৎসালয়লৈ এম্বুলেন্সত নিছে।
পিউৰ দেউতাক আজি বহু মাহৰ পৰাই দুলীয়াজান অইল মেডিকেল আৰু ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত অহা যোৱা কৰি আছে। বৰ্তমান তাইৰ দেউতাক দুলীয়াজান অইল মেডিকেলতে আছে। অকণমানি পিউয়ে অসহায় মাকৰ হাতত ধৰি দেউতাকৰ ওচৰলৈ যায়।দেউতাক থকা ৰুমটোলৈ যাঁওতে তাইক চিকিউৰিটি কেইজনে ৰখাই কিবাকিবি সুধি থাকে।ভয়তে তাই মাকৰ ওচৰলৈ দৌৰে।মাকে খৰখেদাকৈ দেউতাকৰ ওচৰলৈ যায়।তাইক ৰখাই কিবাকিবি সুধি থাকোঁতে তাই থাকি যায়।
অলপ পিছতে তাই দেউতাকৰ ওচৰত পালেগৈ। একেবাৰে নিথৰ হৈ পৰি আছে দেউতাক। অক্সিজেনটো লগাই থৈছে যদিও উশাহৰ শব্দ শুনা নাই।ওচৰত আন মানুহো আছে। তেওঁলোকক চাবলৈ অহা মানুহো আছে।পিউয়ে দেউতাকৰ ভৰিকেইটাত হাতদুখন বুলাই আছে।মাকে দেউতাকৰ চকুৰ ফেচকুৰি মচি দিছে।তেতিয়াহে ওচৰত থকা মানুহ এজনে কৈছে -" তেওঁক অক্সিজেন দিহে থৈছে তেওঁ নাই নহয়।" কথাটো গম পোৱাৰ পিছত পৰিস্থিতিটো চম্ভালিব নোৱাৰিব বাবে কোৱা নাছিল।কথাষাৰে যেন সকলোকে মৌন কৰি পেলালে। এনেকৈ পিউৰ দেউতাক হেৰাই গৈছিল।সেইদিনবোৰে আজিও তাইক কষ্ট দিয়ে।হাতদুখনলৈ চালে কথাবোৰে আমনি কৰে।
✍️দিপশিখা ৰাজকোঁৱৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ