জনসংঘৰ পৰা BJP লৈ এক সংগ্ৰাম এক যাত্ৰা•জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
অনাদি কালৰে পৰাই দেৱৰো দূৰ্লভ এই পবিত্ৰ ভাৰত ভূমিয়ে সমগ্ৰ বিশ্বকে জ্ঞানৰ আলোকেৰে উদ্ভাসিত কৰি আহিছে , সংস্কাৰ আৰু সংঘৰ্ষৰ মাধ্যমেৰে মানবধৰ্ম প্ৰতিষ্ঠা কৰি আহিছে। ভাৰতৰ ইতিহাস সংস্কাৰ আৰু সংঘৰ্ষৰ এক অবিৰত যাত্ৰাৰ ইতিহাস । এই ইতিহাসে যুগে যুগে মানৱজাতিক বিশ্বপ্ৰেমৰ, নৈতিকতাৰ, মানৱতাবাদৰ বাণী বিলাই আহিছে।যেতিয়াই এই যাত্ৰাত স্থবিৰতা আহি পৰে তেতিয়াই একোএকোজন যুগদ্ৰষ্টাৰ অবিৰ্ভাৱ হয় আৰুভাৰতীয় আদৰ্শৰ এই যাত্ৰাৰ সাময়িক স্থবিৰতাক নতুন গতি প্ৰদান কৰে।
আত্মবিস্মৃত হিন্দু জাতিক এহেজাৰ বছৰীয়া পৰাধীনতাৰ শিকলী চিঙি মুক্ত হৈ পুনৰ মানবীয়তাৰ জয়গান গোৱাৰ বাবে প্ৰস্তুত কৰিবলৈ যুগে যুগে বীৰপ্ৰসবিনী ৰূপে বন্দিত ভাৰতমাতৃয়ে সামাজিক , সামৰিক, ৰাজনৈতিক ,আধ্যাত্মিককে আদি কৰি ক্ষেত্ৰবোৰৰ প্ৰতিটো ক্ষেত্ৰতে নিপুনতা থকা বহু বীৰপুত্ৰৰ জন্ম দিলে ভাৰত মাতৃয়ে।তেনে বহুজনৰ মাজৰ এজন আছিল ডাঃ কেশৱ বলিৰাম হেডগেৱাৰে কুৰি শতিকাৰ কাহিলিপুৱাতে চিকিৎসা শাস্ত্ৰত স্নাতকহৈও পেচাদাৰী চিকিৎসক নহৈ হেজাৰবছৰীয়া পৰাধীনতাৰ গ্নানিত জৰ্জৰিত হিন্দু সমাজত উৎপন্ন হোৱা ব্যাধিবোৰৰ চিকিৎসাত নিজকে সমৰ্পিত কৰিলে। আত্মমবিস্মৃত হিন্দু সমাজক সংগঠিত আৰু সংস্কাৰিত কৰি ভাৰতক পুনৰ পৰম বৈভৱলৈ লৈ যোৱাৰ সংকল্পেৰে ১৯২৫ চনত তেওঁ স্থাপন কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, RSS আৰু সংঘৰ মাধ্যমেৰে এক পদ্ধতিগত বৈজ্ঞানিক আৰু সামাজিক অনুশীলনেৰে বহুধা বিভক্ত হৈ শক্তিতিহীন হৈ পৰা হিন্দু সমাজক সংগঠিত কৰি সমাজ আৰু দেশৰ সৰ্বাংগীন উন্নতি কৰি বিশ্বকল্যানৰ বাবে অনাদি কালৰে পৰা চলি থকা সংস্কাৰ আৰু সংঘৰ্ষৰ সেই অবিৰত যাত্ৰাৰ বাবে পুনৰ জাতিটোক প্ৰস্তুত কৰাৰ যজ্ঞত নিজকে সমৰ্পন কৰিলে । সংস্কাৰ আৰু সংঘৰ্ষ অৰ্থাৎ ধৰ্ম প্ৰতিষ্ঠা আৰু  ধৰ্মযুদ্ধ বিজয়ৰ বাবে আধ্যাত্মিক আৰু বৌদ্ধিক শক্তিৰ লগতে সামাজিক,ৰাজনৈতিক আৰু সামৰিক শক্তিৰো একান্তই প্ৰয়োজন। ৰামায়ন ,মহাভাৰত তাৰ প্ৰমান। চাণক্য ,চন্দ্ৰগুপ্ত তাৰ প্ৰমান। অৱশ্যেই সামাজিক, ৰাজনৈতিক আৰু সামৰিক শক্তিক ধৰ্মৰ পথত ৰাখিবলৈ প্ৰয়োজন সংস্কাৰিত সামাজিক আৰু ৰাজনৈতিক ব্যক্তি। আৰু তেনে এক সংস্কাৰিত ৰাজনৈতিক ,সামাজিক ব্যক্তি আছিল ড° শ্যামাপ্ৰসাদ মুখাৰ্জী।১৯০১ চনৰ ৬ জুলাইত জন্ম গ্ৰহন কৰা আৰু বেৰিষ্টাৰ হৈ আহি ৩৩ বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ শোভিত কৰা কনিষ্ঠতম উপাচাৰ্যজনে ১৯৪৪ চনত হিন্দু মহাসভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। স্বাধীনতাৰ পাছত গঠিত জৱহৰলাল নেহেৰু চৰকাৰত তেওঁ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল যদিও  হিন্দু সংখ্যালঘুৰ প্ৰতি ভেদভাৱ কৰা পাকিস্তানৰ প্ৰতি নেহেৰুৰ কোমল দৃষ্টিভংগীৰ প্ৰতিবাদত তেও মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰে। আনহাতে ১৯৪৮ চনত হোৱা গান্ধী হত্যাৰ বাবে মিছা অপবাদ দি RSS কো নেহেৰু চৰকাৰে নিষিদ্ধ ঘোষণা কৰে । দেশৰ জনসাধাৰণৰ প্ৰতি সমব্যৱহাৰ ,সম মৰ্যদা, দেশৰ পৰম্পৰা, সংস্কৃতি, সভ্যতাৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে ভাৰতীয় আদৰ্শৰে এক  বিকল্প ৰাজনৈতিক শক্তি নিৰ্মানৰ বাবে শ্যামাপ্ৰসাদ ডাঙৰীয়াই আৰম্ভ কৰা চিন্তাক এক নতুন দিশ আৰু গতি দিলে RSS ৰ ২য় সৰসংঘচালক মাননীয় গুৰীজীয়ে (মাধৱৰাও সদাশিৱৰাও গোলৱলকৰ)। আৰু তাৰেই ফলশ্ৰুতিত ১৯৫১চনৰ ২১অক্টোবৰ তাৰিখে শ্যামাপ্ৰসাদ মূখাৰ্জীক সভাপতি হিচাপে দায়িত্ব দি প্ৰতিষ্ঠা হয় হ'ল ভাৰতীয় জন সংঘৰ। হিন্দু ৰাষ্ট্ৰীয়তা আৰু হিন্দুত্বক আদৰ্শ আৰু দৰ্শন হিচাপে লৈ সমগ্ৰ দেশত সকলোৰে বাবে একে আইন, একে পতাকা, এজন প্ৰধান সিদ্ধান্তৰে কামত অগ্ৰসৰ হয় আৰু এই সিদ্ধান্তৰ বাস্তৱ ৰূপায়নৰ দাবীত শ্যামাপ্ৰসাদে জম্মু কাশ্মীৰ যাত্ৰা আৰম্ভ কৰে , উদ্দেশ্যে কাশ্মীৰৰ ভুমিত ভাৰতীয় তিনিবৰণীয়া জাতীয় পতাকা উত্তোলন কৰা ,কাৰণ সেই সময়ত কাশ্মীৰে ভাৰতীয় জাতীয় পতাকাৰ সলনি নিজাকৈ পৃথক পতাকা ব্যৱহাৰ কৰিছিল , কাশ্মীৰত সংবিধানে দিয়া  বিশেষ অধিকাৰৰ ৩৭০ ধাৰা প্ৰযোজ্য আছিল (এতিয়াও আছে) আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল ।আনকি কাশ্মীৰ লৈ যাবলৈ ভাৰতৰ প্ৰধানেও লব।লগা হৈছিল কাশ্মীৰ চৰকাৰৰ অনুমতী । শ্যামাপ্ৰসাদে এখন দেশত দুটা নিয়মৰ এই কথা কেতিয়াও মানি লোৱা নহব বুলি কৈ বিনা অনুমতীত জম্মু কাশ্মীৰত প্ৰৱেশ কৰাৰ প্ৰচেষ্টা কৰাত ১৯৫৩ চনৰ ১১মেত কাশ্মীৰৰ শ্বেখ আব্দুল্লা চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰে আৰু কাৰাৰূদ্ধ অৱস্থাত সন্দেহজনক পৰিস্থিতি আৰু পৰিবেশত তেখেতৰ ১৯৫৩ চনৰ ২৩ জুনত  মৃত্যু হয় ।
তেখেতে জম্মু কাশ্মীৰৰ সীমাত প্ৰৱেশ কৰাৰ আগে আগে তেখেতৰ লগত যোৱা অটল বিহাৰী বাজপায়ীদেৱক একপ্ৰকাৰ জোৰ কৰি তাৰ পৰা ওভতি আহিবলৈ বাধ্য কৰিছিল আৰু অটলজীক দলৰ স্বাৰ্থত উভতি  গৈ দলৰ কাৰ্য চাবলৈ নিৰ্দেশ দিছিল ।  তেখেতৰ মৃত্যৰ কাৰণ আজিও ৰহস্য হৈয়ে থাকিল। শ্যামাপ্ৰসাদৰ মৃত্যুৰ পাচত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ কান্ধত দলৰ সমস্ত ভাৰ পৰিল। ১৯২৬ চনৰ ২৫ চেপ্তেম্বৰত জন্ম লভা দীনদয়াল  ছাত্ৰজীৱনৰ পৰাই অত্যন্ত মেধাৰ পৰিচয় দিয়া দীনদয়ালে মেট্ৰিকত প্ৰথম স্থান , ইণ্টাৰমিদিয়েত আৰু বি এ ত প্ৰথম বিভাগত উত্তীৰ্ণ  হোৱাৰ পাচত "ইংলিচ লিটাৰেচাৰ" ত সোনৰ পদক সহ এম এ ত উত্তীৰ্ণহয় । সৰুতেই পিতৃ মাতৃক হেৰুওৱা দীনদয়ালে পৰিয়ালৰ আনসকলৰ ইচ্চাত provincial service exam দি বাচনিত উঠে যদিও চাকৰিত যোগদান নকৰি B.Ed  আৰু  M.Ed ডিগ্ৰী লৈ  ৰাজহুৱা জীৱনত ব্ৰতী হৈ পৰে । RSS ৰ প্ৰচাৰক হিচাপে গোটেই জীৱন ৰাষ্ট্ৰৰ বাবে সমৰ্পন কৰে আৰু জনসংঘৰ প্ৰতিস্থা হোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ জনসংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লয় আৰু দুবছৰৰ ভিতৰতে জনসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰি ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈ সুদীৰ্ঘ ১৫ বছৰ কাল জনসংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰে । ১৯৬৫ চনৰ ২২ৰ পৰা ২৫ এপ্ৰিললৈ বোম্বেত অনুস্থিত হোৱা জনসংঘৰ সভাত দিয়া ভাষণত দীনদয়াল ডাঙৰীয়াই একাত্ম মানব দৰ্শনৰ সূত্ৰ উত্থাপন কৰে আৰু জনসংঘই এই একাত্ম মাৱ দৰ্শনকেই দলৰ দৰ্শন আৰু আদৰ্শৰূপে গ্ৰহন কৰে । প্ৰচণ্ড আত্মবিশ্বাসী আৰু আদৰ্শনিষ্ঠ হোৱা বাবেই তেওঁ সদায় সংকীৰ্ণ ৰাজনীতিৰ পৰা আতৰত আছিল। জাত পাতৰ ৰাজনীতিক তেও ঘিণ কৰিছিল। ভাৰতৰ উন্নয়ন পশ্চিমীয়া সংস্কৃতি তথা আধুনিক চিন্তাৰ অন্ধ অনুকৰণেৰে কৰাৰ সলনি তেও ভাৰতীয় আদৰ্শ আৰু পৰিবেশৰ ওপৰত আধাৰিত ৰাজনৈতিক,সামাজিক, অৰ্থনৈতিক, বৈজ্ঞানিক বিকাশৰ মত পোষণ কৰিছিল আৰু আধুনিক প্ৰযুক্তি ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু পৰিবেশৰ লগত খাপখোৱাকৈ বিকাশ আৰু প্ৰয়োগ কৰাৰ সপক্ষে মত পোষণ কৰিছিল । ভাৰতীয় আদৰ্শ আৰু দৰ্শনৰ প্ৰবক্তা দীনদয়াল ডাঙৰীয়াৰো মৃত্যুও ৰহস্যজনক ভাৱে উত্তৰপ্ৰদেশৰ মোগলচৰাই ষ্টেচনত ১৯৬৭ চনৰ ১১ ফেব্ৰুৱাৰী ত হয়। তেওৰ মৃত্যুৰ ৰহস্যও আজিলৈকে ৰহস্য হৈয়ে থাকিল । তেখেতৰ মৃত্যুৰ পিচত জনসংঘৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল ক্ৰমে অটল বিহাৰী বাজপেয়ীদেৱ আৰু লাল কৃষ্ণ আদৱানী দেৱে।১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতীয় জনসংঘৰ ২৬ বছৰীয়া জীৱন পৰিক্ৰমাত  মুঠ ১৪ গৰাকী  সভাপতিয়ে দায়িত্ব পালন কৰিছিল।তেওলোক একাদিক্ৰমে ড° শ্যামাপ্ৰসাদ মূখাৰ্জী ( ১৯৫১-৫২) , মৌলিচন্দ্ৰ শৰ্মা (১৯৫৪), প্ৰেম নাৰায়ণ ডোগ্ৰা(১৯৫৫), আচাৰ্য ডি. পি. ঘোষ (১৯৫৬-৫৯), পিতাম্বৰ দাস(১৯৬০), অভসৰলা ৰামৰাও(১৯৬১), আচাৰ্য ডি পি ঘোষ(১৯৬২), ৰঘুবীৰ (১৯৬৩), আচাৰ্য ডি পি ঘোষ(১৯৬৪), বসৰাজ ব্যাস(১৯৬৫), বলৰাজ মাধোক (১৯৬৬), দীনদয়াল উপাধ্যায় (১৯৬৭-৬৮), অটল বিহাৰী বাজপেয়ী(১৯৬৮-৭২) আৰু  লালকৃষ্ণ আদৱানী (১৯৭৩-৭৭)। এইকালচোৱাত অনুস্থিত সাধাৰণ নিৰ্বাচনত জনসংঘই ১৯৫১ চনত ৩খন, ১৯৫৭ ত ৪খন, ১৯৬২ চনত ১৪ খন, ১৯৬৭ চনত ৩৫ খন আৰু ১৯৭১ চনত ২২খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।
৭৫ চনত সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত ঘোষণা কৰা জৰুৰী কালীন অৱস্থাৰ সময়ত চৰকাৰৰ ৰোষত জনসংঘৰ কাৰ্যকৰ্তা লগতে সংঘৰ স্বয়ংসেৱকসকলো পৰিছিল আৰু বহুজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত থৈছিল । বহুজনে আত্মগোপন কৰি থাকিব লগীয়া হৈছিল।পৰৱৰ্তী সময়ত দেশৰ স্বাৰ্থত ও কংগ্ৰেছৰ স্বেচ্চাচাৰিতা বিৰুদ্ধে মাৰ বান্ধি যুজিবলৈ বিৰোধী দলসমূহ একত্ৰিত হৈ জনতা পাৰ্টি  গঠন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাত ভাৰতীয় জনসংঘইও নিজকে জনতা পাৰ্টিত বিলীন কৰি দিছিল আৰু ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰি জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল। কিন্তু দ্বিসদস্যতাৰ প্ৰশ্নলৈ জনতা পাৰ্টিৰ সিদ্ধান্তৰ লগত জনতা পাৰ্টিত থকা ভাৰতীয় জনসংঘৰ পূৰ্বৰ সদস্য সকলৰ মত বিৰোধ হোৱাত  তেওঁলোকে জনতা পাৰ্টি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টী গঠন কৰে  ১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে। ভাৰতীয় জনতা পাৰ্টিয়েও গ্ৰহন কৰে দীনদয়াল উপাধ্যায়ৰ  একাত্ম মানব দৰ্শন আৰু হিন্দুত্বক নিজৰ আদৰ্শ আৰু দৰ্শন হিচাপে গ্ৰহন কৰে। গঠন হোৱাৰ পাচতে ১৯৮৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত মাত্ৰ ২খন আসনত জয়ী হবলৈ সক্ষম হৈছিল। কিন্তু সবল, সুষ্ঠিৰ আৰু বুদ্ধদীপ্ত নেতৃত্বৰ বলত ভাৰতীয় জনতা পাৰ্টি ক্ৰমান্বয়ে সবল স্থিতি গঢ়িবলৈ  সক্ষম হৈছে। শ্ৰীৰাম জন্মভূমি উদ্ধাৰ আন্দোলনৰ মাধ্যমেৰে ১৯৮৯ চনত লালকৃষ্ণ আদৱানী ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে সাধাৰণ নিৰ্বাচনত ৮৫ খন আসন দখল কৰিবলৈ সক্ষম হয়। অসমৰ ঐতিহাসিক ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনতো BJPৰ সম্পূৰ্ণ সহযোগে সৰ্বভাৰতীয় পৰ্যায়ত এই আন্দোলনৰ প্ৰতি সমৰ্থন সৃষ্টি কৰাত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। ১৯৮০ চনত প্ৰতিস্থা হোৱা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্ব এতিয়ালৈকে বহন কৰা ব্যক্তি সকল একাদিক্ৰমে শ্ৰী অটল বিহাৰী বাজপেয়ী ( ১৯৮০-৮৬), শ্ৰী লালকৃষ্ণ আদৱানী(১৯৮৬-৯০), শ্ৰী মুৰুলী মনোহৰ যোচী(১৯৯১-৯৩), শ্ৰী লালকৃষ্ণ আদৱানী(১৯৯৩-৯৮), কুচাভাউ থাকৰে(১৯৯৮-২০০০), বাংগাৰুলক্ষ্মণ(২০০০-০১), জানা কৃষ্ণমুৰ্তি(২০০১-০২), এম ভেংকেয়ানাইডু (২০০২-০৪), শ্ৰী লাল কৃষ্ণ আদৱানী(২০০৪-২০০৫), শ্ৰী ৰাজনাথ সিং( ২০০৫-০৯), শ্ৰী নিতিন গাডকৰী(২০১০-১৩), শ্ৰী ৰাজনাথ সিং (২০১৩-১৪), শ্ৰী অমিত শ্বাহ (২০১৪ - ).শ্ৰী জে পি নাড্ডা(২০২১বৰ্তমানলৈকে) ।
এই সকল ব্যক্তিৰ লগতে দলৰ আন আন নেতা সকলৰ নেতৃত্বত কাৰ্যকৰ্তাসকলে কৰা অশেষ চেষ্টা, কষ্ট, ত্যাগ , পৰিশ্ৰমৰ বলত ভাৰতীয় জনতা পাৰ্টিয়ে ১৯৮৪ চনত পোৱা ২খন আসনৰ পৰা ১৯৮৯ চনত ৮৫খন, ১৯৯১ চনত ১২০খন, ১৯৯৮ চনত ১৮২খন, ১৯৯৯ চনত ১৮২ খন, ২০০৪ত ১৩৮খন, ২০০৯ চনত ১১৬ খন আৰু ২০১৪ চনত ২৮২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৯ চনত অটলবিহাৰী বাজপেয়ী দেৱৰ নেতৃত্বত চৰকাৰ গঠন কৰি ছবছৰীয়া শাসন কালত সুশাসন কাক কয় তাৰ চানেকী বিশ্বৰ আগত দাঙি ধৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে। ২০১৪ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পদৰ বাবে সংঘ পৰিয়ালে প্ৰক্ষেপ কৰাৰ পিচত পৰিস্থিতিৰ ৰূপেই সলনি হৈ গ'ল । ভাজপা ই একক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠন কৰিলে । ভাজপাই পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ দল হিচাপে চিহ্নিত হ'ল যদিও এই যাত্ৰা আৰু সংঘৰ্ষ অৰ্থাৎ ধৰ্মযুদ্ধৰ অন্ত পৰা নাই । যাবলৈ বহুদূৰ আছে।  যুজিবলৈ বহু যুজ বাকী আছে।
  আত্মবিস্মৃত হিন্দুসমাজ অৰ্থাৎ ভাৰতীয় সমাজৰ আত্মবিশ্বাস, স্বাভিমান, আত্ম মৰ্যদা, আত্মগৌৰৱ পুনৰোদ্ধাৰ কৰি এহেজাৰ বছৰ পৰাধীন হৈ থাকি, পদদলিত হৈ থাকি হেৰুৱাই পেলোৱা স্বাভাৱিক উন্নয়নৰ গতি ত্বৰাণ্বিত কৰি, ব্যাহত হৈ পৰা স্বাভাৱিক উন্নয়নৰ পথ পুনৰ্ণিৰ্মান কৰি আগুৱাই লৈ যোৱা, হিন্দু সমাজৰ নিজৰ সৰ্বাংগীন উন্নয়ণ কৰাৰ লগে লগে অনাদিকালৰ পৰা ভাৰতীয় সংস্কৃতিৰ মাধ্যমেৰে   প্ৰবাহমান মানবীয়তাৰ জ্ঞান, আধ্যাত্মিক উৎকৰ্ষতা আৰু বিশ্বশান্তিৰ মন্ত্ৰৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে অহা সকলো প্ৰত্যাহবান গ্ৰহন কৰি ভাৰতমাতৃক বিশ্বগুৰুৰ আসনত পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কৰা সাধনা সহজসাধ্য নহয়। তাৰ বাবে প্ৰয়োজন একাগ্ৰতা, নিষ্ঠা আৰু ত্যাগ। এনে মহান কাৰ্যৰ বিৰুদ্ধে বিৰোধীপক্ষৰ সকলো কূটকৌশল , আক্ৰমণ নেওচি লক্ষ্য পথত আগুৱাই যোৱাটো কঠিন তপস্যা,সাধনা আৰু যজ্ঞ।এই যজ্ঞত বহুজনে জীৱন পৰ্যন্ত আহুতি দিছে ।বহুজনৰ আত্মত্যাগ, কষ্ট, পৰিশ্ৰম আৰু সাধনাৰ ফলত আজি  BJP য়ে হেজাৰ হেজাৰজন দেশপ্ৰেমীক কাৰ্যকৰ্তা আৰু অটল বিহাৰী বাজপেয়ী ,নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী দেশমাতৃৰ সেৱাৰ বাবে প্ৰস্তুত কৰি উলিয়াব পাৰিছে । ভাৰতৰ আজি স্বাভিমান জাগ্ৰত হৈছে। এয়া RSS, জনসংঘ, BJP আৰু সংঘপৰিবাৰৰ আন আন সংগঠনৰ সমূহীয়া প্ৰচেষ্টা আৰু হেজাৰ হেজাৰ কাৰ্যকৰ্তাৰ কৰ্ম আৰু ত্যাগৰ ফল। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত আজি বিশ্বগুৰুৰ আসনত পুনৰ প্ৰতিষ্ঠিত হোৱাৰ দিশত ধাৱমান হৈছে  কেৱল মাথো ৰাজনৈতিক আৰু সামৰিক শক্তি ৰূপে নহয়, সামাজিক , আধ্যাত্মিক, বৌদ্ধিক, সাংস্কৃতিক শক্তি ৰূপেও। হয়তো এই যাত্ৰাত আৰু বহু সংঘৰ্ষ হব। এই সংঘৰ্ষৰ আন এক নাম ধৰ্মযুদ্ধ। যুগে যুগে ধৰ্মযুদ্ধ হৈ আহিছে । ভৱিষ্যতেও হব। ধৰ্মযুদ্ধত ধৰ্মৰ জয় অনিবাৰ্য। ভৱিষ্যতেও ধৰ্মৰেই জয় হব। ভাৰত বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হব । ভাৰতীয় সনাতন চিন্তা , আদৰ্শ,  ব্যৱহাৰ আৰু চৰিত্ৰৰে বিশ্বত মানবতা, শান্তি প্ৰতিস্থা হব  ....... ধৰ্ম প্ৰতিষ্ঠা হব । 
লাখ লাখ দেশপ্ৰেমীকে প্ৰতিদিনে
 " পৰং বৈভবং নেতুমেতঽ স্বৰাষ্ট্রম্
সমর্থা ভবত্বাশিষা তে ভৃশম্" 
বুলি প্ৰাৰ্থনাৰ লগতে কৰা প্ৰতিজ্ঞা তেতিয়াহে বাস্তবত ৰূপায়িত হব ।

                ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা গঠিত মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰ খনে দ্বিতীয় কাৰ্য্যকালৰ এশ দিনৰ ভিতৰত কেইবাটাও ঐতিসাহিক সিদ্ধান্ত গ্ৰহন কৰে ৷
মাথোন দুটা দিনৰ ভিতৰত জন্মু আৰু কাশ্মীৰৰ ৰাজনৈতিক ইতিসাহৰ পুনৰ লিখন সম্পন্ন হ'ল, ফলত সলনি হ'ল ৰাজ্যখনৰ ভৌগোলিক স্থিতিৰ সংজ্ঞাও আৰু সামগ্ৰিকভাৱে অধিবাসী সকলে বিশেষ মৰ্যাদা হেৰুওৱাই বৃহত্তৰ ভাৰতীয় সমাজৰ অংশীদাৰ হৈ পৰিল আৰু এনেদৰেই স্বৰাজোত্তৰ কালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন সম্ভৱ কৰি তুলিলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে,তাকো দ্বিতীয়টো কাৰ্য্যকালৰ এশ দিনৰ ভিতৰত ৷
পৰিৱৰ্তনটোৰ বাৱে চৰকাৰে সদনত দুটা প্ৰস্তাৱ দাখিল কৰিছিল ,১/ সংবিধানৰ ৩৭০ ধাৰা আৰু তাৰে অন্তৰ্গত৩৫ (ক) অনুচ্ছেদটো বাতিলকৰণ,আৰু ২/ জন্মু আৰু কাশ্মীৰৰ পুৰ্নগঠন কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন ৷তাৰে কেন্দ্ৰীয় শাসিত জন্মু আৰু কাশ্মীৰত পুড়ছেৰী আৰু দিল্লীৰ দৰে বিধান সভা থাকিৱ ,কিন্তু আনটো কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ ত(চণ্ডীগড়ৰ দৰে) বিধান সভা নাথাকে ৷ দুয়োটা প্ৰস্তাৱেই ৰাজ্যসভাত ০৫/০৮/২০১৯ তাৰিখে ১২৫জন সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ৬১জন সাংসদে বিধেয়কখনৰ বিপক্ষে ভোটদান কৰে ৷ আৰু লোকসভাত ০৬/০৮/২০১৯ তাৰিখে ৩৭০টা ভোট সপক্ষে পাৱলৈ সক্ষম হয় ৷  উক্ত বিধেয়ক অধিক সদস্যৰ সমৰ্থনেৰে উভয় সদনত গৃহীত হ'ল ৷ ইতিমধ্যে জন্মু আৰু কাশ্মীৰ পুৰ্নগঠন বিধেয়ক(২০১৯)খনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰে ৷ লগে লগে সাংবিধানিকভাৱে জন্মু ,কাশ্মীৰ আৰু লাডাখ ভাৰতৰ সাধাৰণ কেন্দ্ৰীয় শাসিত ৰাজ্য হৈ পৰিল ৷

৩৭০ ধাৰা কিয় বাতিল কৰিৱলগীয়া হৈছিল:- 
আমি সকলোৱে জ্ঞাত যে ৩৭০ ধাৰা আৰু ৩৫ (ক) অনুচ্ছেদে কাশ্মীৰী সকলৰ মনত ভাৰতৰ পৰা দূৰত আৰু পাকিস্তানৰ ওচৰত' থকা ভাৱনা সৃষ্টি কৰিছিল ৷ সেয়া যেন এক ৰাষ্ট্ৰৰ ভিতৰতে আন এখন ৰাষ্ট্ৰৰ অস্তিত্ব' ৰক্ষাৰ কুচকাৱাজহে আছিল ৷ তাৰ পূৰ্ণ সুযোগ  পাকিস্তানে গ্ৰহন কৰিৱলৈ সুবিধা পোৱাৰ লগতে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতি সৃষ্টি কৰিৱলৈ ইছলামীয় দেশখনে বিভিন্ন কুট কৌশল অৱলম্বন কৰিছিল ৷
সংবিধানৰ ৩৭০ ধাৰাটোৱে জন্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিছিল ৷ ৰাজ্যখনৰ বাৱে সুকীয়া সংবিধান আৰু সুকীয়া পতাকাৰ ব্যৱস্থা আছিল ৷তদুপৰি যোগাযোগ, প্ৰতিৰক্ষা,বিত্ত আৰু বিদেশ নীতিৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰৰ কোনো নীতিয়েই প্ৰযোজ্য নহৈছিল ৷ আনকি ভাৰতীয় সংবিধানো কাৰ্যতঃ অচল অৱস্থাত আছিল ৷ শিক্ষাৰ অধিক আইন,বাল্যবিৱাহ বিৰোধী আইনকে ধৰি ভাৰতবৰ্ষৰ কোনো আইনকে কাশ্মীৰত বলৱৎ কৰিৱ পৰা নগৈছিল ৷ জনকল্যাণমূলক আঁচনি সমূহৰ পৰাও কাশ্মীৰী সকলে সদায় বঞ্চিত হৈ আছিল ৷ দেশৰ আন আন ৰাজ্যসমূহৰ বিধান সভাৰ কাৰ্যকাল পাঁচ বছৰীয়া যদিও ৩৭০ অনুচ্ছেদৰ অধীনত জন্মু কাশ্মীৰৰ বিধান সভাৰ কাৰ্যকাল ছবছৰীয়া আছিল ৷কাশ্মীৰত দ্বৈত নাগৰিকত্বৰ ব্যৱস্হা আছিল, যিটো ভাৰতৰ আন প্ৰান্তত দ্বৈত নাগৰিকত্বৰ ব্যৱস্হা নাই ৷  আনহাতে ৩৫(ক) অনুচ্ছেদত আছিল কাশ্মীৰী সকলৰ বাৱে সুকীয়া নাগৰিকত্বৰ ব্যৱস্থা ৷ আন ৰাজ্যৰ লোকে তাত সা-সম্পত্তি ক্ৰয় কৰিৱ নোৱাৰে,ব্যৱসায় বানিজ্য চলাব নোৱাৰে,আনকি ভাৰতৰ আন ৰাজ্যৰ পুৰুষক বিয়া  কৰোৱা কাশ্মীৰী মহিলাসকলে নাগৰিকত্ব হেৰুওৱাই ৷ পাকিস্তানৰ লোকে কাশ্মীৰী মহিলাক বিৱাহ কৰিলে কাশ্মীৰৰ নাগিৰকত্ব পায় ৷ ৩৭০ধাৰা চলি থকাৰ সময়চোৱালৈকে পাকিস্তানী ষড়যন্ত্ৰৰ বলী হৈ ৰাজ্যখনৰ ৪২,০০০ হেজাৰ নিৰীহ লোকে প্ৰাণ হেৰুওৱাইছে ৷ গতিকে ৩৭০ ধাৰাৰ বিলুপ্তিয়ে জন্মু আৰু কাশ্মীৰত এক নতুন যুগৰ সূচনা কৰিলে ৷
জন্মু আৰু কাশ্মীৰৰ পৰা এই আইন বিলুপ্তিৰ পিছত২০১৯চনৰ ৮আগষ্টৰ সন্ধিয়া দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত এইদৰে কয় যে " আমি এখন ৰাষ্ট্ৰ,এটা পৰিয়াল হিচাপে লোৱা ঐতিসাহিক সিদ্ধান্তই জন্মু-কাশ্মীৰ আৰু লাডাখক এক নতুন শিখৰলৈ লৈ যাৱ ৷ সংবিধানৰ ৩৭০ আৰু ৩৫ (ক) ৰ বিলুপ্তিৰে আৰম্ভ হ'ল জন্মু কাশ্মীৰ আৰু লাডাখত এটা নতুন যুগৰ সূচনা ৷ প্ৰধান মন্ত্ৰী মোদীয়ে নিজৰ ভাষণটোত আৰু কয় ' সংবিধানৰ ৩৭০ অনুচ্ছেদে জন্মু-কাশ্মীৰক দুৰ্নীতি আৰু সন্ত্ৰাসবাদৰ বাহিৰে আন একোকে দিয়া নাছিল ৷ ইয়াক পাকিস্তানে এক প্ৰকাৰৰ অস্ট্ৰ হিচাপে ব্যৱহাৰ কৰিছিল ৷

নৰেন্দ্ৰ মোডী চৰকাৰ খনৰ অন্য এক ঐতিসাহিক সিদ্ধান্ত হল অযোধ্যাৰ  ৰাম মন্দিৰ ৷ তেওঁ দেশৰ সৰ্বাধিক চৰ্চাৰ বিষয় এটা সমাপ্তি ঘটালে ৷ যিটো কাম বিগত ৫০০বছৰ পুৰণি আৰু ১৭০ বছৰে বিতৰ্কিত বিষয় হৈ আহিছিল ৷ সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল অসম আৰু অসমীয়াৰ গৌৰৱ শ্ৰীযুত ৰঞ্জন গগৈ ডাঙৰীয়া ৷ এজন অসমীয়া হিচাপে এই বিষয়টোত গৌৰৱ অনুভৱ কৰো কাৰণ ইতিসাহত এজন অসমীয়াই এক নতুন ইতিসাহ ৰছিলে ৷ 
১৫২৮/৩০ ৰ ভিতৰত মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত মোগল সেনাপতি বীৰবাকিয়ে মছজিদ নিৰ্মান কৰিছিল ৷ কিন্তু বীৰবাকিয়ে এই মাটিত  মজছিদ নিৰ্মান  কেনেকৈ অনুমতি লাভ কৰিৱলৈ সক্ষম হৈছিল তাৰ কোনো তথ্য নাই ৷কিছু বিদেশী পৰ্য্যটক আৰু তথ্যমতে এই বাবৰি মছজিদৰ ভূমিত হিন্দু সকলে ৰামৰ জন্ম স্থান বুলি বিশ্বাস কৰি উপাসনা কৰি আহিছিল ৷ ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ পিছত নবাবৰ শাসন অন্ত পৰা পিছত ব্ৰিটিছ শাসন আৰু ইংৰাজ আইন কানুন দেশত আৰম্ভ হয় ৷ তেতিয়াৰ পৰা পুণৰ মছজিদৰ বাহিৰৰ অংশত হিন্দু সকলে পূজা অৰ্চনা কৰিৱলৈ লয় ৷ মছজিদৰ বাহিৰৰ অংশ নিজৰ দখললৈ আনে ৷ ইয়াক লৈ হিন্দু- মুছলমান সকলৰ মাজত তুমুল কাজিয়াৰ সূত্ৰপাত হয় ৷ ইংৰাজ চৰকাৰে দোয়োপক্ষৰ মাজত শান্তি বজাই ৰাখিৱলৈ মন্দিৰ আৰু মছজিদৰ মাজত এক দেৱাল নিৰ্মাণ কৰি দিয়ে ৷
এনেদৰে পূজা অৰ্চনা চলি থাকিৱলৈ লয় ৷ ইয়াৰ পিছত দেশৰ পৰা বৃটিছ গ'ল,ভাৰত স্বাধীন হ'ল ৷ কংগ্ৰেছ চৰকাৰখনেই  সেইসময়ত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচন খেলিছিল ৷ ১৯৪৯চনৰ ২২/২৩/ ডিচেম্বৰৰ নিশা ৰাম,লক্ষ্মণ,সীতাৰ মূৰ্তি প্ৰতিষ্ঠা হয় মছজিদৰ ভিতৰত ৷ তেতিয়া প্ৰচাৰ চলিছিল যে ৰামে নিজৰ জন্মস্থান দখল কৰিছে ৷ সেইসময়ত দেশৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে মূৰ্তি আতৰোৱাৰ নিৰ্দেশ দিয়ে ৷  কিন্তু সেই সময়ত জিলা উপায়ুক্ত কে কে নাৰায়ণৰ এক বিশেষ প্ৰতিৱেদন মৰ্মে যদি মূৰ্তি আতৰোৱা হয় তেতিয়া আইন শৃংখলাজনিত এক পৰিস্থিতিৰ সৃষ্টি হৱ ৷ তাৰ পৰিৱৰ্তে মূল প্ৰৱেশদ্বাৰত জিলা প্ৰশাসনে তলা লগাই বন্ধ কৰি দিয়ে ৷ ইয়াৰ পিছতে   ৰাষ্ট্ৰীয় স্বয়ং স্বেৱক সংঘই জন সংঘ ভংগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ জন্ম দিয়ে ৷ ভাৰতীয় জনতা পাৰ্টি গঠন কৰিয়েই দলৰ মুল ইচ্ছ্যু হিচাপে ৰাম মন্দিৰ নিৰ্মানৰ কথা ঘোষণা কৰে ৷ বিজেপিৰ সেই দাৱী ব্যাপক জন সমৰ্থন লাভ কৰিৱলৈ সক্ষম হয় ৷ ইয়াৰ লগে লগে বিশ্ব হিন্দু পৰিষদেও আৰম্ভ কৰে মন্দিৰ তলা খোলাৰ ব্যাপক আন্দোলন ৷ এই আন্দোলন অধিক তীব্ৰতৰ কৰিৱলৈ বজৰং দল গঠন কৰে ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ এই তীব্ৰ আন্দোলনক ভয় খাই দেশৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে এজন উকীলৰ জৰিয়তেফৈজাবাদৰ আদালতত মন্দিৰ তলা খোলাৰ এক আৱেদন দাখিল কৰে ৷ ১৯৮৬ চনৰ ১ফেব্ৰুৱাৰীত মন্দিৰৰ তলা খোলাৰ নিৰ্দেশ দিয়ে যদিও ১৯৭৯চনৰ ১৪ আগষ্টত এলাহবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি মন্দিৰ আৰু মছজিদ বিবদমান এলেকাত সিদ্ধান্ত উপনীত নোহোৱা পৰ্য্যন্ত কোনো পৰিৱৰ্তন নহ'ব ৷সেই সময়ত লোক সভাৰ নিৰ্বাচনৰ দিন চমু চাপিছিল ৷ সেয়ে দেশৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে ফৈজাবাদৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে আৰু ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিলে ৷ অতি চতুৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে দেশত যাতে হূলস্থূলৰ পৰিৱেশ নহয় তাৰ বাৱে বিশ্ব হিন্দু পৰিষদক ৰাম মন্দিৰ নিৰ্মাণৰ শিলান্যাসৰ অনুমতিহে প্ৰদান কৰে ৷ শিলান্যাসৰ পিছত মন্দিৰ নিৰ্মাণৰ অনুমতি নিদিলে ৷নিৰ্বাচনটো যে সুকলমে অনুষ্ঠিত হয় তাৰ বাবেহে কেৱল বিশ্ব হিন্দু পৰিষদক মাত্ৰ ৰাম মন্দিৰৰ শিলান্যাসৰ অনুমতি দিয়ে ৷
সেইবাৱে কংগ্ৰেছ নিৰ্বাচনত পৰাজয় বৰণ কৰে আৰু ভিপি সিঙৰ নেতৃত্বত গঠন হয় জনতা চৰকাৰ ৷ ১৯৯৩চনৰ ২৫ ছেপ্টেম্বৰত লালকৃষ্ণ আদৱানীৰ নেতৃত্বত সোমনাথৰ পৰা অযোধ্যালৈ ৰথ যাত্ৰা উলিয়াই ৰাম নিৰ্মানৰ বাৱে ৷ 
১৯৯২ চনৰ ৬ ডিচেম্বৰত  লাখ লাখ কৰ সেৱক অযোধ্যাত উপস্থিত হয় আৰু মন্দিৰ বনোৱাৰ বাৱে আন্দোলন কৰে ৷ 
‌২০১৯ চনৰ ৯নৱেম্বৰত বিতৰ্কিত আৰু শ শ বছৰ পুৰণি এটা গোচৰ এজন অসমীয়াই বিখ্যাত ৰায়দানেৰে অৱসান ঘটাইছিল ৷
কি আছিল ৰায়দানত:- উচ্চতম ন্যায়ালয়ৰ ৰায়দানত বাবৰি মছজিদ খালী স্থানত নিৰ্মান হোৱা নাছিল ৷ খননত উদ্ধাৰ হোৱা সামগ্ৰী কোনো ইছলামিক নাছিল ৷ বিবাদিত ভূমিত পোৱা সামগ্ৰী পুৰণি সময়ৰ লগতে হিন্দু সকলে তাত অতীজৰে পৰা পূজা কৰাৰ প্ৰমাণ আৰু  তথ্য পোৱা গৈছে ৷ 
আনহাতে এই ঐতিসাহিক ৰায়দানত মুছলিম সকলৰ বাবে ৫ একৰ ভূমিৰ  মছজিদ নিৰ্মাণৰ বাৱে প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে ৷ লগতে তিনি মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে এখন ন্যাস গঠন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ  কৰিৱলৈ নিৰ্দেশ দিয়ে ৷
সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই দেশৰ প্ৰধান মন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই২০২০ চনৰ ৫ আগষ্ট তাৰিখে ৰাম মন্দিৰৰ শিলান্যাস কৰে ৷
উক্ত শিলান্যাসত প্ৰধান মন্ত্ৰীৰ সৈতে অংশ গ্ৰহন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত যোগী আদিত্য নাথ, ৰাষ্ট্ৰীয় স্বয়ং স্বেৱক সংঘৰ সৰ সংঘ চালক মোহন ভাগৱত জী,উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল ৷  ইয়াৰ ওপৰিও ১৭৫ জন  বিশেষ ভাৱে আমন্ত্ৰিত লোক আৰু সাধু মহন্তৰ উপস্থিতিত সম্পন্ন হয় ভূমি পূজন ৷ মহা আড়ম্বৰেৰে ৪০ কি: গ্ৰা: ওজনৰ ৰূপৰ ইটা গাঁথি ভূমি পূজাৰ মাধ্যমেৰে ৰাম মন্দিৰৰ নিৰ্মানৰ আৰম্ভনি কৰে  মাননীয়  প্ৰধান মন্ত্ৰী গৰাকীয়ে ৷
পৰ্যায় ক্ৰমে ২০২০চনৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আৰম্ভ হৈ ২০২৩ চনৰ শেষৰ ভাগত ই পূৰ্ণতা লাভ কৰে ৷ অৱশেষত ২০২৪ চনৰ ২২ জানুৱাৰীত দেশৰ মাননীয় প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ দ্বাৰা শুভ উদ্ধোধন কৰি লাখ লাখ ভক্ত সমাজ, জনসাধাৰণ তথা পৰ্যটক সকললৈ মুকলি কৰি দিয়ে ৷

✍️জ্যোতিষ্ক বৰুৱা 
নামৰূপ,অসম
মোবাইল নং: ৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)