: আপুনি উৎপলৰ নম্বৰবোৰ দেখিছে নে ? সি কোনো এটা বিষয়তে পাছ কৰা নাই।
পৰীক্ষাৰ বহীবোৰ দেখুৱাই কৈছিল -
: এইবোৰ তাৰ নম্বৰ চাওক। এনেকৈ হ'লে আমি তাক আমাৰ স্কুলত ৰাখিব নোৱাৰিম।
প্ৰধান শিক্ষকৰ কথা শুনি দেউতাকে মূৰে- কপালে হাত দিলে। তেওঁ বৰ লাজ পালে।
দেউতাকৰ পঢ়া-শুনা বৰ বেছি নাই। খেতি-বাতি কৰি পৰিয়ালটো ভালকৈ পোহ-পাল দিছে। তেওঁ আন মানুহৰ দৰে অযথা চখ কৰি পইচা খৰচ নকৰে। হিচাপত চলিব জানে। নিজৰ পঢ়া শুনা নহ'ল বাবেই ল'ৰা তিনিটাক ভালকৈ পঢ়ুৱাব খুজিছে। সিহঁত ভাল হ'লেই তেওঁৰ কষ্ট সাৰ্থক হ'ব। সেইবাবে সিহঁতক পঞ্চম শ্ৰেণীৰ পাছত গাঁৱৰ ভেঞ্চাৰ স্কুলত নপঢ়ালে। চহৰৰ হাই স্কুলত পঢ়ুৱাইছে। বাকী দুটা ল'ৰাৰ কাৰণে কেতিয়াও বিদ্যালয়লৈ মাতি পঠিওৱা নাই। কেৱল বিদ্যালয়ৰ মাচুল দি আহে, সিমানেই।
প্ৰধান শিক্ষকে মাতি পঠিয়াইছে যেতিয়া, উৎপলৰ কাৰণেই যে তেওঁক মাতিছে সেইকথা তেওঁ বুজি উঠিল।
নিজৰ কাম এৰি যাবলৈ তেওঁৰ বহুত অসুবিধা। এনেকৈয়ে দুদিনমান পাৰ হ'ল। আকৌ এদিন ডাঙৰ ল'ৰাটোৱে ক'লে -
: দেউতা আপোনাক হেডচাৰে মাতিছে।
: মাতিছে? তঁহতে কিবা জগৰ লগাইছ নেকি ?
: নাই দেউতা, আমি একো কৰা নাই।
: যাম দে, আজি পাৰিলে আজিয়েই যাম।
দুপৰীয়া ভাত খোৱাৰ সময়তে প্ৰধান শিক্ষকক লগ কৰি আহোঁ বুলি তেওঁ চোলা চুৰিয়া পিন্ধি চাইকেলখন লৈ কোবাকুবিকৈ বিদ্যালয় পাইছিলগৈ।
সেইদিনা প্ৰধান শিক্ষকে বাকী ল'ৰা দুটাৰ প্ৰশংসা কৰিছিল যদিও দেউতাকৰ চকুত উৎপলৰ বহীৰ শূন্যবোৰহে ভাহি আছিল।
ঘৰলৈ আহি উৎপলক গালি-গালাজ কৰি, মাৰ-ধৰ কৰি খঙতে গঁতিয়াই গঁতিয়াই ক'লে-
: ওলাই যা, ঘৰৰপৰা, ওলাই যা।
উৎপল নিৰ্বিকাৰ।
মুখেৰে একোকে নামাতিলে।
দেউতাকে বকি-জকি গা-পা ধুই ভাত খায়েই পথাৰ পালেগৈ।
কঠিয়া তুলি দিবগৈ লাগে। উৎপলৰ মাক আৰু দুগৰাকী ৰোৱনী গৈছে ভূঁই ৰুবলৈ।
ইমান কষ্ট কৰিছে সিহঁতৰ কাৰণে, অলপমান যদি সিহঁতে বুজিলে হয়।
একো কষ্ট কাম সিহঁতক দেউতাকে কৰিবলৈ দিয়া নাই। ভালকৈ পঢ়া-শুনা কৰক বুলিয়েই। দিন-নাই ৰাতি নাই মাক-বাপেক হালেই দৌৰি ফুৰিছে। তাৰ পিছতো যদি ল'ৰা-ছোৱালীৰ এনে অৱস্থা দেখে কোন মাক-দেউতাকৰ বাৰু ভাল লাগিব ? দেউতাকৰ খং উঠাৰ কাৰণটো জানি মাকৰো বেয়া লাগিল।
সেইদিনা ৰাতি মাকে ভাত খাবলৈ দিয়াত উৎপলে খকমককৈ ভাত খাই থাকোঁতে মাকে কৈছিল-
: ভাতকেইটা লাহে ধীৰে খাচোন। ইমান লৰালৰিকৈ খাইছ যে , কলৈ যাবিনো ?
ককায়েকে ক'লে -
: তই অকল খাবলৈহে জনম ললি।
উৎপলে অপলক দৃষ্টিৰে ককায়েকৰ মুখলৈ চাই থাকিল, মুখেৰে একো নামাতিলে। ভাতখাই উঠি সি চিধাই শুবলৈ যোৱাত মাকে ক'লে -
: হেৰৌ বোপাই, ইমানতো তোৰ লাজ নহ'লনে ? ভাতকেইটা খাই চিধা বিছনালৈ গৈছ যে, অলপ পঢ়িলে কি হয়।'
মাকৰ সেই মিঠা গালি দেউতাকৰ সহ্য নহ'ল। এনেও আজি তাৰ ওপৰত খং উঠি আছিল।
তেওঁ চোঁচা মাৰি গৈ ক'লে-
: ই বংশৰ কলংক।
দুই থাপৰমান দি -
: তই চকুৰ আগৰপৰা ওলাই যা ।
এইবুলি তাৰ হাতত ধৰি চোঁচৰাই তাক ঘৰৰ বাহিৰত উলিয়াই থ'লে।
উৎপল অপূদ্ঘাত, নিমাত।
সি পদূলি মূৰৰ বাঁহৰ চাংখনতে বহি চকুপানী টুকি আছে। ওচৰতে ৰৈ আছে তাৰ মৰমৰ কুকুৰটো। সি একেথৰে তালৈ চাই বহি আছে। আন্ধাৰত কুকুৰটোৰ উজ্জ্বলি থকা চকু দুটা দেখি তাৰ গা শিয়ৰি উঠিল। সি নিজৰ মনটোক নিজে বুজনি দিলে-
: ধেৎ মই কিয় ভয় খাইছোঁ, এইটোচোন আমাৰ পুচু।
উৎপলে মনতে ভাবিলে -
: তাৰ চকু দুটালৈ মই ভয় কৰিব লাগে নে ?
উৎপল অলপ পাছত জপনা ঠেলি ঘৰলৈ সোমাই গ'ল। ঘৰৰ দুৱাৰ বন্ধ। ভিতৰৰপৰা দাং লগাই দিলে। ভিতৰৰ লাইট অ'ফ।
: তাৰমানে ঘৰৰ সকলো শুলে।
তাৰ বৰ বেয়া লাগিল। সি ভাবিছিল মাকে শোৱাৰ সময়ত তাক বিচাৰি নিব। কিন্তু মাকে তাক বিচাৰিতো নাহিলেই, তালৈ দুৱাৰখনো খুলি নথলে।
সি মনৰ বেজাৰতে এইবাৰ সঁচাকৈয়ে ক'ৰবালৈ গুচি যাওঁ বুলি ওলাই আহিল।
পদূলি পাই ভাবিলে-
: এই ৰাতিখন ক'লৈ যাওঁ।
এবাৰ ঘৰটোলৈ উভতি চালে। সি অনুভৱ কৰিলে, নাই ঘৰটোৱেও যেন তাক এবাৰ মাতি কোৱা নাই -
: তই নাযাবি বুলি।
কিবা এক তিক্ততাই তাক টেঁটু চেপি ধৰিলে।
তেতিয়া ৰাতি এঘাৰ মান বাজিছে। শিয়ালে হোৱা দিছে, জিলীয়ে অবিৰাম সংগীত তুলিছে আৰু কুকুৰে ক'ৰবাত ভুকি আছে।
সি তাৰ পোহনীয়া কুকুৰ পোৱালি পুচুক ঘৰৰ মৰমৰ সম্পদ হিচাপে কোলাত লৈ ৰাজ আলিৰফালে এখোজ দুখোজকৈ খোজ আগবঢ়ালে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ