চোৰে তুলিলে হুৰ•নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0

◾নবীন চন্দ্ৰ মেধি
গোলাঘাট

: গ'ল্ড ফ্লেক আছেনে ? 

: আছে । কিন্তু তহঁতক দিব নোৱাৰিম । তহঁতৰ বয়স হৈছেনো কিমান ? 

সৌ সিদিনা নামঘৰত অখণ্ড ভাগৱত পাঠ চলি থকা সময়তে কেইটামান তেৰ চৈধ্য বছৰীয়া ল'ৰাই শৰতৰ ওচৰলৈ চিগাৰেট বিচাৰি আহিছিল । সি চিনি পালে ল'ৰা কেইটাৰ বয়স বেছি নহয়। হয়তো অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ সিহঁত । সি চিগাৰেট দিবলৈ অস্বীকাৰ কৰি ঘুৰাই পঠালে । 

তেওঁকে দেখুৱাই সন্মুখত থকা দোকানখনলৈ আগবাঢ়ি গৈ দুটামান চিগাৰেট লৈ ৰাষ্টাৰ ফালে আঁতৰি গ'ল । শৰতে বহুত বছৰ এখন মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল । এতিয়া চাকৰি নোহোৱাৰ বাবে আঁতৰি আহি ব্যৱসায়ত মনোনিবেশ কৰিবলৈ ল'লে । সেইবুলি শিক্ষকতাৰ আদৱ কায়দা এতিয়াও মনৰ পৰা আঁতৰি যোৱা নাই । অপ্ৰাপ্তবয়স্ক লোকক চিগাৰেট বিক্ৰী নকৰে  । কোনোবা সৰু ল'ৰাই চিগাৰেট বিচাৰি আহিলে বিক্ৰী নকৰে সি । 

গ'ল কথা গুচিল । বেচেৰাহঁতে দোকানীৰ ওপৰত পোটক তুলিবলৈ বুলি সিদিনা ৰাতিয়েই দোকানৰ পৰা বস্তু চুৰ কৰিবলৈ সিদ্ধান্ত ল'লে । সি তেতিয়া দোকানত বস্তু দিয়াত ব্যস্ত হৈ পৰিছিল । সি নাজানিছিল যে সিহঁতে চুৰ কৰিব পাৰে । বেচেৰাহঁতে চিগাৰেট খাবলৈ নাপাই দোকানৰ পৰা বস্তু চুৰ কৰি লৈ গ'ল । 

পিছদিনাখন উৰহী গছৰ ওৰ ওলাইছিল । ৰাতি ন বজাত দোকানলৈ বস্তু কিনিবলৈ যোৱা পাঁচ জনীয়া দলটোৰ এজনে আহি কৈ দিলে কালি আপোনাৰ দোকানৰ পৰা অমুকে বস্তু চুৰ কৰি নিলে । সি মনে মনে থাকিল । একো নক'লে সিহঁতক । দুদিন পাছত আকৌ এটা কেছ ওলাল । এইবাৰ গাঁৱৰ ৰাইজে ধৰি লৈ বাঁহৰ এচাৰি ফালিলে । সি উপলব্ধি কৰিলে চোৰে চুৰ কৰিবলৈ এটা মাথো উপায় দৰকাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)