তোমাৰ অপেক্ষাত-নাজিৰুল হক

©Admin
0
আহিবানে তুমি?
মোৰ মৰমেৰে সজা পৃথিৱীখনলৈ।
পাৰিবানে তুমি?
তোমাৰ জটিলতাৰে ভৰা পৃথিৱীখনক 
এৰিবলৈ?
মোৰ মনটো যে মাথোঁ তোমাৰ অপেক্ষাত।
মোৰ হৃদয়খনে যে বিচাৰে মাথোঁ তোমাক।
পাৰিবানে তুমি?
নিচুকাই দিব মোৰ বিষাদেৰে ভৰা হিয়াখনি।
জানানে তুমি?
তোমাৰ অপেক্ষাত থকা সময়বোৰ কিমান 
যে কষ্টকৰ ।
তোমাৰ অপেক্ষাই মোক কৰি পেলায়
কেতিয়াবা স্তব্ধ।
কেতিয়াবা কৰি পেলাই জুৰুলা
আৰু কেতিয়াবা দিশহাৰা।
নকৰিবই নো কিয়?
মোৰ মনটো যে মাথোঁ তোমাৰ অপেক্ষাত।
মোৰ হৃদয়খনে যে বিচাৰে মাথোঁ তোমাক।
পাৰিবানে তুমি?
পিয়াহত তৃষ্ণাতুৰ মোৰ হৃদয়খনৰ তৃষ্ণা
পূৰাব।
দিশহাৰা হৃদয়খন যে আজীৱন ৰ'ব 
তোমাৰ অপেক্ষাত।
অপেক্ষা শব্দটোত যে লুকাই ৰ'ব 
মোৰ অশেষ কল্পনা।
ৰৈ যাব স্মৃতি,থাকি যাব অপেক্ষা,
তোমাৰ বাবে...
নাথাকিব নো কিয়?
মোৰ মনটো যে মাথোঁ তোমাৰ অপেক্ষাত।
মোৰ হৃদয়খনে যে বিচাৰে মাথোঁ তোমাক।
বিচাৰিব যে তোমাৰ মৰম
আৰু থাকি যাব তোমাৰ অপেক্ষাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)