জীৱনৰ কবিতা-জ্যোতিষ্ক বৰুৱা

©Admin
0
আধৰুৱা জীৱনৰ
ভাগৰুৱা আত্মাই…
উশাহ-নিশাহত সেপ ধুকি
পিয়াহৰ পানী টুপিত
মুখ দি……৷
শৰীৰটো শাত পেলাব খুজি…
থমকি ৰওঁ কোনোবা কেকুঁৰীত…
মনৰ উদাৰতাত  চিন্তাৰ কোলাহলত
আশাৰ ৰেঙনিবোৰত……
ভাৱনাৰ ডেউকাৰে…
আকাশলৈ চোৱাৰ হেপাহত…
দুচকুত মেলি লওঁ…
মলঙি যোৱা সপোনৰ টোপোলাবোৰ…৷
মহঙা পৃথিৱীত মহঙা
মানুহৰ মনবোৰৰ স'তে…
জীৱনৰ মূল্যবোৰৰ দৰ-দামত…
হতাশাৰ পৰিধিত…
আশাৰ মৰীচিকা বিচাৰি…
ঘূৰি ফুৰোঁ ভ্ৰমিত ক'ত বাট ৷৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)