এটি এটি সন্ধিয়াত তোমাতেই মগন,
মোৰ ফুফুলা অন্তৰখনৰ অগনন
ভাৱবোৰ আজি নিমিষতে শেষ হ'ল।
নদীৰ পানী বৈ যোৱাদি
মোৰ চকুলো বৈ গৈছিল।
অন্তহীন বাটৰ সীমাহীন
আশাত ৰৈ আছিল।
অৱশেষত সেই দিনবোৰ নাইকীয়া হ'ল।
মিনিটৰ পিছত মিনিট হ'ল,
ছেকেণ্ডৰ পিছত ছেকেণ্ড আৰু
দিনৰ পিছত ৰাতি হ'ল।
শুৱাৰ পৰা উঠি প্ৰথম শব্দ আছিলা 'তুমি',
ৰাতি টোপনি যোৱাৰ আগমূহুৰ্তৰ শেষ
উশাহ আছিল তোমাৰ নামত।
এতিয়া সেইবোৰ দেখোন
আগৰ দৰে হৈ নৰ'ল।
তোমাৰ নামৰ ফটোৰ গেলাৰিটোও
যে ফোনত নৰ'ল।
হৃদয়ৰ ঢৌবোৰ সঘনাই বৈ গৈছিল,
অলপ পিছত উশাহ বন্ধ হৈ গৈছিল,
কষ্টবোৰ প্ৰকাশ কৰিব নোৱাৰা হৈছিল।
আজি যে উভতি চোৱাৰ
হেঁপাহো নাইকিয়া হ'ল।
মই নামৰ অপদাৰ্থটোও সলনি হ'ল,
হেঁপাহৰ সলনি উপেক্ষা হ'ল,
কান্দোনৰ সলনি হাঁহি আৰু
দিনৰ পিছত ৰাতি হ'ল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ