সমালোচক-জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
মানুহে মানুহক স্থান,কাল,পাত্ৰ,দেশ-বেশ চাই সমালোচনা কৰা উচিত ৷ বিতৰ্ক বা সমালোচনা গঠনমূলক হ'ব লাগে ৷ কিছুমান সমালোচনা এক নিদিষ্ট পৰিবেশ আৰু সীমাৰ মাজতহে বাহাল ৰাখিব লাগে ৷ কিয়নো ইয়াক ৰাষ্ট্ৰ কৰিবলৈ গৈ হিতেই বিপৰীত হোৱাৰ লক্ষণে দেখা দিয়ে ৷ অযথা বিতৰ্ক বা সমালোচনাই নিজকে ত্ৰাসত পেলোৱাৰ লগতে আনকো আশংকিত ত্ৰাসৰ উত্তেজনাত দগ্ধ কৰি উচিত অনুচিত বিচাৰ কৰাৰ ভাৰসাম্যতা খিনিও নষ্ট কৰি দিয়ে ৷ যি সমালোচনাই মানুহক, সমাজখনক সঠিকতাৰ উত্তৰণৰ পথ দিব নোৱাৰে তেনে সমালোচনাক আচলতে কাণ পাতি লোৱাৰেই প্ৰয়োজন নাই ৷ অৱশ্যে সমাজ এখনত সমালোচকৰো প্ৰয়োজন আছে ,বিতৰ্ক বা সমালোচনাৰো প্ৰয়োজন আছে ,যি সমালোচকে নিৰপেক্ষ ৰূপত কোনো মিথ্যাচাৰৰ আশ্ৰয় নোলোৱাকৈ ভালক ভাল, বেয়াখিনিক বেয়া বুলি কব পৰা সাধ্য আছে তেনে ব্যক্তিকহে এজন ভাল সমালোচক বুলি ভাবো ৷ আনৰ পিছফালে কথা বা ক'ৰবাত জাহিৰ কৰা সকল প্ৰকৃত  সমালোচক হ'ব নোৱাৰে ৷ সন্মুখত ক'ব পৰা সাহস, শুদ্ধতা আৰু প্ৰকৃত যুক্তিৰে খণ্ডন কৰি প্ৰকৃত মাৰ্গৰ পথটো ধৰাই দিব পৰাজনহে আচল সমালোচক ৷ যি জনৰ কথাত,আচৰণত,প্ৰৱৰ্ত্তনত এক সোণসেৰীয়া ৰূপত সমাজখনৰে হিতকৰ হৈ উঠে,দেশৰ হিত হৈ উঠে সকলোতে আদৰ্শ হৈ উঠে ৷ যাৰ সমালোচনাৰ মূল্য আছে,যাৰ সমালোচনাৰ বক্তব্য ,যুক্তি বিশ্বৰ সকলোৱে গ্ৰহণ কৰিবলৈ প্ৰস্তুত তেনে লোকহে প্ৰকৃত সমালোচক ৷  যি জন ৰজা,প্ৰজাৰ সকলোৰে আদৰৰ  তেনে সমালোচকহে সমগ্ৰ বিশ্বতেই প্ৰয়োজন ৷

       যি ফালেই খাবলৈ পায় সেইফালেই কবলৈ যোৱা আৰু নেপালেই বিপৰীত দিশত গৈ সমালোচনাৰ আশ্ৰয় লোৱা সমালোচক আমাৰ সমাজত প্ৰয়োজন নাই ৷


✍ শ্ৰীজ্যোতিষ্ক বৰুৱা 
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)