ভাগ্য•নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
▪️নবীন চন্দ্ৰ মেধি 
   গোলাঘাট । 
  ৮১৩৫৮৭৪৮০৮ ।

ভাগ্যক ধিয়াই হাত সাৱতি বহি থকা নাছিল সি । সি মানে শৰৎ ।  কৰ্ম কৰি গৈছিল । উনৈশ বছৰে এখন মধ্য ইংৰাজী বিদ্যালয়ত একেধাৰে শিক্ষকতা কৰিছিল । শিক্ষকতা কৰোতে কৰোতে তাৰ ঘৰখনৰ অৱস্থা লাওলোৱা হৈ পৰিছিল । ইফালে ধাৰ সিফালে ঋণ । মানুহবোৰৰ পৰা পাঁচ টকীয়া আৰু দহটকীয়া সুদত টকা লওঁতে লওঁতে তাৰ ঋণত ডুব মাৰিব পৰা অৱস্থা হৈছিল । তথাপিও চৰকাৰৰ কৃপাদৃষ্টি লাভ নকৰিলে । কি কৰিব সি ? জীৱন সুৰক্ষা কৰিলে , জীৱন সুৰক্ষা কোম্পানী ডুবিল। ছাহাৰা কৰিলে ছাহাৰা ডুবিল । এল আই চি কৰিলে এল আই চিও কাম নাইকিয়া হ'ল । এনেদৰে সি আৰু কিমান কাম কৰিব ? এইবাৰ সকলো বাদ দি ঘৰতে সোমাই থকা হ'ল । বাদ দে সকলো । চাকৰি বাকৰি নহ'ল যেতিয়া কি নো কৰিব ? 

দুবছৰ দিন ঘৰতে শুই বহি কটাই দিলে । যোৱাবছৰ কোম্পানীৰ কামকে কৰো বুলি গুৱাহাটী পাইছিলগৈ । দৰমহা কম । ইমান কম পৰিমাণৰ দৰমহাৰে তাৰ পৰিয়ালৰ ভৰণ পোষণ অসম্ভৱ । গতিকে তিনিদিন মান কাম কৰি উভতি আহিছিল সি । 

দুৰ্গা পূজাৰ আগে আগে লগৰ বন্ধু এজনে ক'লে ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনত পদ এটা খালী আছে কৰিবি নেকি ? সি বোলে চাওঁচোন । বন্ধুয়ে ঠিক ঠাক কৰি দিলে কাৰ্বি আংলং জিলাৰ সৰিয়হজানৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় ( জুনিয়ৰ কলেজ ) ।  সকলো শ্ৰেণীতে ইংৰাজী ভাষাত পাঠদান কৰিব লাগে । লগতে হোষ্টেল ইনচাৰ্জ । দিনে ৰাতিয়ে কেৱল পঢ়া আৰু পঢ়া । নোৱাৰি আৰু দেই । এনেদৰে বেলেগ ভাষাৰ এখন বিদ্যালয়ত সোমাই জীৱন বৰ্বাদ কৰিব নোৱাৰি । সামান্য দৰমহাৰে এখন জুনিয়ৰ কলেজত শিক্ষকতা কৰাৰ সমান টান কাম যেন আৰু নাই । ৰাজনীতি বিজ্ঞান , অৰ্থনীতি বিজ্ঞান , ইংৰাজী , হেৰৌ একেজন ব্যক্তিয়েই প্ৰতিটো বিষয়ৰে শিক্ষা প্ৰদান কৰিবলৈ সি ৰবট নহয় নহয় । ইমান জ্ঞান এজন ব্যক্তিৰ গাত থাকিলে মহাপুৰুষ বুলি স্বীকৃতি পাব । কৰ্ম অনুসৰি দৰমহা দিয়াহেঁতেন কথাই নাছিল । গতিকে এসপ্তাহৰ ভিতৰতে টালি টোপোলা বান্ধি ঘৰৰ মানুহ ঘৰলৈ উভতি আহিছিল । 

ঘৈণীয়েক ডালিমীয়ে তাক দেখা পাই হতভম্ব হৈছিল । হে হৰি , মানুহজনে ক'তো এটা সপ্তাহো কাম কৰি টিকি থাকিব নোৱাৰে নে ? কি কৰি খাব ইয়াত ? 

এম ই স্কুলৰ পৰা জুনিয়ৰ কলেজলৈকে কত কিমান যে চাকৰি নকৰিলে সি । তথাপিও থিতাপি নালাগিল । এইবাৰ ঘৈণীয়েকৰ বুদ্ধিমতে স্বাধীন ব্যৱসায় আৰম্ভ কৰিলে । ওচৰতে থকা জাতীয় বিদ্যালয়খনৰ কাষতে এখন দোকান খালি হৈ পৰি আছিল । তাতে এখন গোমতি দোকান আৰম্ভ কৰাৰ কথা ভাবিলে । 

কথা মতে কাম । ডিচেম্বৰ মাহৰ এঘাৰ তাৰিখৰ পৰা দোকান আৰম্ভ কৰিলে । প্ৰথমতে দোকানত বিক্ৰী বেছি হোৱা নাছিল । লাহে লাহে বিক্ৰী বাঢ়ি আহিবলৈ ধৰিছিল । কিন্তু ওচৰ চুবুৰীয়া সকলে বাকী খাবলৈ আৰম্ভ কৰি দিছিল । দেখিলে যে এনেদৰে নহ'ব । বিক্ৰী বাঢ়িলেও যদি বাকী খোৱা গ্ৰাহক বাঢ়ে তেন্তে লাভ নহ'ব । গতিকে সি বাকীখোৱা গ্ৰাহকসকলক সোঁৱৰাই দিবলৈ বাধ্য হ'ল । 

যিদিনাৰ পৰা তাগিদা দিবলৈ লৈছিল , সিদিনাৰ পৰা দোকানৰ গ্ৰাহকৰ সংখ্যা কমিবলৈ লৈছিল । শেষত গৈ দোকান বন্ধ কৰো কৰো অৱস্থা হ'ল । শোচনীয় ৰূপ ধাৰণ কৰিছিল । সি সিদ্ধান্ত লৈ পেলালে । দোকানৰ ব্যৱসায় সি আৰু তাত নকৰে । ঘৰৰ ওচৰলৈ লৈ যাব । কিবা এটা কামো হ'ব ঘৰখন চোৱা চিতা কৰিবলৈ সুবিধা হ'ব । ইয়ালৈ আৰু কিমান অহা-যোৱা কৰিব । তাতে অকলশৰে ৰাতি দোকান ৰখীয়া হৈ থাকিব লগাও হয় । ঘৰৰ ওচৰত দোকান দিলে সেইখিনি অসুবিধা নাথাকে । বিদ্যালয়ৰ ল'ৰা ছোৱালী অনা নিয়া কৰা অভিভাৱকসকলে দোকান কৰাৰ বাদে গাঁৱৰ ওচৰ চুবুৰীয়া লোকসকলে যদি দোকান বজাৰ নকৰে তেন্তে তাত দোকান দি থাকি লাভ কি ? সি মনে মনে সিদ্ধান্ত লৈ পেলালে । দুই এমাহৰ ভিতৰতে সি ঘৰৰ ওচৰতে দোকানখন মজবুত কৰি সাজি ল'ব  । 

ভাগ্যই হয়তো তাৰ জীৱনক লৈ  হেতালি খেলিবলৈ আৰম্ভ কৰিছে । মহম্মদ বিন টোগলকৰ দৰে টোগলকী কাণ্ড যেন তাৰ জীৱনতো ঘটিবলৈ ধৰিছে । এয়াই যেন তাৰ ভাগ্যত লিখা আছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)