সৰস্বতী পূজা নহয় কোনো ফেশ্বন পূজা•ভাস্বতী কলিতা

Rinku Rajowar
0
প্ৰত্যেক বছৰৰ দৰে এইবেলিও সৰস্বতী পূজা পদূলিৰ মুখ পালেহি। বিদ্যাৰ অধিষ্ঠাত্রী দেৱী হৈছে আই সৰস্বতী। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকে এই সৰস্বতী পূজা ভাগ পালন কৰে। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠান সমূহত পালন কৰা হয় যাতে ছাত্র- ছাত্ৰীয়ে বিদ্যাত ভাল ফল দেখুৱাব পাৰে। কিন্তু বৰ্তমানৰ ছাত্র-ছাত্ৰী তথা বিশেষকৈ ছোৱালীসকলে পূজা তকৈ সোন্দৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। তেওলোকে যেন শিক্ষানুষ্ঠানত কোনো পূজা পাতল কৰিব অহা নাই সৌন্দর্য প্ৰতিযোগিতাত হে নামিছে সেইটো অনুভৱ হয়। সকলোৰে এটি মন থাকে যে নিজকে ধুনীয়া  কৰি ৰখাৰ, কিন্তু সেই ধুনীয়া হ'বলৈ গৈ বহু ছোৱালীয়ে বহুত তললৈ যাবলগীয়া হয়। কোনো উচ্চ ঘৰৰ পৰিয়ালৰ ছোৱালীয়ে বহু সাজি কাচি আহিব পাৰে কিন্তু দিন হাজিৰা কৰা ঘৰৰ ছোৱালী এজনীৰ হয়টো সেইকণ ক্ষমতা নাথাকে। সেয়ে সৰস্বতী পূজাত সৌন্দর্য প্ৰতিযোগিতাৰ ভাব আগত নাৰাখি সকলোৱে এক পূজাৰ মনোভাব লৈ শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিব লাগে যাতে সকলোৱে সৎ জ্ঞান অৰ্জন কৰিব পাৰে। সকলো ধনী দুখীয়া যেন একেলগে মিলিব পাৰে সেইটো সকলোৱে বিবেচনা কৰা উচিত। এজন ব্যক্তি সৌন্দর্যৰে ভৰপূৰ হোৱাতকৈ জ্ঞানেৰে পৰিপূৰ হোৱাতোহে অতি প্ৰয়োজনীয়। গতিকে নৱপ্ৰজন্মৰ মাজত সৰস্বতী পূজাতো যেন ফেশ্বন পূজা নহয় বিদ্যাৰ হে এক অংগ সেই বাৰ্তা দিব লাগে।

       ✍️ভাস্বতী কলিতা
        ভেৰুৱা, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)