ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড- ৩০•নবীন চন্দ্ৰ মেধি

©Admin
0
পিছদিনাখন ভাগৱত পাঠৰ আৰম্ভণি হ'ল । ১১ : ৪০ বজাৰ লগে-লগে মংগল উৰুলি ধ্বনিৰ মাজেৰে ভাগৱত ভ্ৰমণ কৰে আৰু নিৰ্দিষ্ট স্থানত স্থাপন কৰা হয় । তাৰ পিছত নিৰৱিচ্ছিন্ন ভাৱে অবিৰত ভাগৱত পাঠৰ আৰম্ভণি হয় । শ শ ভকত বৈষ্ণৱৰ আগমনত শান্তিপুৰ গাঁৱৰ বৰ নামঘৰ বৈকুণ্ঠ পুৰীত পৰিণত হয় । 

নিৰ্মল কুমাৰে এইবাৰ ভাগৱত পাঠ নকৰাৰ সিদ্ধান্ত ল'লে । কেৱল মাত্ৰ শ্ৰোতা দৰ্শকৰ ভুমিকা পালন কৰিব । ধৰ্ম নহয় এই সময়ত ধনেহে শ্ৰেষ্ঠ স্থান লাভ কৰিছিল । ধনেই ধৰ্মৰ মূল , ধন নহ'লে যায় জাতি কুল । গতিকে সি ব্যৱসায় আৰম্ভ কৰিছে যেতিয়া ব্যৱসায়ৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । হয় সি দোকান দিব । ভাগৱত পাঠলৈ বহু দূৰ দূৰণিৰ পৰা ভক্ত সকলৰ আগমন ঘটিব । গতিকে ভক্তসকলৰ সুবিধাৰ্থে ধূপ চাকি তামোল-পাণ আদি ৰাখিব পাৰি । ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ব্যৱসায়ৰ সামগ্ৰীসমূহ লৈ আনিছিল সি আৰু বাটচ'ৰাৰ পৰা পোনে পোনে দোকান আৰম্ভ কৰিছিল । 

প্ৰথম দুটা দিন বিশেষ বিক্ৰী হোৱা নাছিল যদিও তৃতীয় দিনাৰ পৰা বিক্ৰী বাঢ়িবলৈ ধৰিলে । দেওবাৰ সোম মংগল এই তিনিটা দিনত বিদ্যালয় বন্ধ পোৱাৰ বাবে ল'ৰা ছোৱালী , ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে ভাগৱত পাঠলৈ বুলি ওলাই আহিছিল । ল'ৰা ছোৱালী বোৰে মৰ্টন আৰু চানাৰ লগতে চিপচৰ পেকেটসমূহ কিনিছিল । এনেদৰে সি এতিয়া ঘোৰ ব্যৱসায়ী হৈ পৰিছিল ।

✍️নবীন চন্দ্ৰ মেধি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)