"বসুন্ধৰা ৰণক্লান্ত কিয়?" -ৰেণু শৰ্মা

©Admin
0
হে মোৰ আৰাধ্যা জননী!!
হে মোৰ শান্তিৰূপিনী শক্তিৰূপা বসুন্ধৰা
তুমিযে মোৰ আশাৰ সপোন

কোনো এক অন্ধকাৰ ৰাতি
বিদ্যুৎ ঝঞ্জাৰ মহাপ্ৰলয়ত বিস্ফোৰিত অগ্নিস্ফুলিংগৰপৰা সৃষ্টি হ'ল তোমাৰ অপৰূপা ৰূপছবিৰ। 
সেইদিনাৰেপৰা বহুপথশ্ৰান্তা তোমাৰ দেহৰপৰাশিখা সৰি সৰি ক্লান্ত শ্ৰান্ত বসুমতী তুমি আজিও ঘূৰিছা নিজ
কক্ষৰ পথে অনন্ত যাত্ৰাত।সহস্ৰ সহস্ৰ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্তৰ হেঙুল হাইতালৰ ৰঙেৰে বোলোৱা তোমাৰ দেহবল্লৰী কিযে মনোযোহা!! কেতিয়ানো হ'ল তাতে জীৱৰ উন্মেষ? সূৰুযৰ সাতোৰঙে তোমাৰ দেহত আনি দিলে বসন্ত বৈভৱ। ৰূপৰ কুঁৱৰী তুমি নীল নভ মাজে । 
তোমাৰ বুকুত আছে     
হীৰা মণি মুকুতাৰ অনন্ত ভাণ্ডাৰ আৰু কল্লোলিত সমুদ্ৰৰ ওংকাৰ ধ্বনি।     

মৎস্যৰূপে আৰম্ভিলা জীৱৰ মুক্তিৰ মহা আয়োজন আৰু শত শত বৎসৰ বিয়াপি দীৰ্ঘ পৰিক্ৰমাৰ অন্তত জয়যাত্ৰা হ'ল মানৱৰ বিধাতাৰ শ্ৰেষ্ঠ জীৱ পৃথিৱীৰ সৰ্ব অধিকাৰী।  অসুৰৰ আৱিৰ্ভাবে ধৰাতল কৰে তলবল দৈবী মানৱৰ সতে
অসুৰ সংঘাত
অসুৰ বিনাশী তুমি ধৰি ৰূপ কাল নিবাৰণী                       
সংহাৰ কৰিলা তুমি যত আছে অমংগল খনি।ধৰিলা শান্তিৰ ছত্ৰছায়া।  দৈবী মানৱৰ বেদৰ মন্ত্ৰেৰে উদ্ভাষিত হল ধৰাখনি: সভ্যতাৰ নৱ সূৰ্য আভা। জিলিকিল পৃথিৱীত জ্ঞানালোক মালা।                        
চাৰিবেদ চৈধ্যশাস্ত্ৰ ওঠৰ পুৰাণ
ৰূপ ৰস গন্ধেৰে মহাজ্ঞান প্ৰচাৰেৰেভাৰতেই কৰিলেহি দিক্‌দৰ্শন । অন্ধকাৰ জগতত নতুন সভ্যতাৰে সিন্ধু নদীৰ পাৰ উজ্বলি উঠিল। বহুযুগ পাৰহৈ গ'ল।ৰূপান্তৰেদি আহি দেশে দেশে দিশে দিশে ন ন সভ্যতাৰ হ'ল অংকুৰণ
আনি দিলে জ্ঞান বিজ্ঞানৰ আলোক সম্ভাৰ।  ভাৰতৰ সোণালী অতীত
পাহৰণি কুঁৱলীয়ে ঢাকে।প্ৰাচ্যৰ গৌৰৱ ৰবি পশ্চিমলে ঢাপলি মেলিলে।পৃথিৱী ৰণোন্মাদ মানৱতা ধুলিস্যাৎ বসুন্ধৰাৰ বুকু ৰক্তৰঞ্জিতা হয় নিৰীহৰ তপত ৰুধিৰে ।হত্যা হিংসা লুণ্ঠনেৰন পৃথিৱী জৰ্জৰ পাপৰ সাম্ৰাজ্য আজি
সুন্দৰ পৃথিৱী আমাৰ। প্ৰকৃতি ৰোষত আজি মানুহ অসাৰ মানুহৰ দম্ভ আৰু অত্যাচাৰ দেখি 
গৰ্জি উঠে বসুন্ধৰা সেয়ে আধুনিক সভ্যতাৰ  বিনাশেই হ'ব আজি
শেষ লক্ষ্য এই পৃথিৱীৰ।                    

✍️ৰেণু শৰ্মা 
কুমাৰণীছিগা ,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)