ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩১•নবীন চন্দ্ৰ মেধি

©Admin
0
অবিৰত ভাগৱত পাঠ  উদযাপনৰ অষ্টম দিনা নিৰ্মল কুমাৰৰ পৰিয়ালৰ লগতে আন দহ / বাৰ ঘৰ সদস্যৰ অতিথি আপ্যায়নৰ পাল পৰিছিল । নৱম দিনা ৰাতিপুৱা দহ বজাত ভাগৱত সামৰণি পৰিছিল । সকলো ৰাইজে দবা শংখ খোল তাল বজাই হৰিধ্বনি দিলে । ভগৱানৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰি সকলোৰে মংগলৰ অৰ্থে প্ৰাৰ্থনা জনালে । 

সাত দিন সাত ৰাতি ভাগৱত পাঠ কৰিলে আৰু তাৰ আগে পিছে দুদিন  , আৰম্ভণি আৰু সামৰণি অনুষ্ঠানৰ আয়োজন লগতে ভাওনা । মুঠ ন দিন চুঙাজান অঞ্চলৰ ৰাইজে ভাগৱত পাঠৰ বাবে দেহে কেহে লাগি আজি নিশালৈ ভাওনা চাই কাইলৈ ঘৰাঘৰি হ'ব । 
ভাগৱত পাঠলৈ বুলি কাৰ্বি আংলং জিলাৰ সৰিয়হজানৰ পৰা নিৰ্মল কুমাৰৰ ককায়েক ( বৰদেউতাকৰ ল'ৰা ) , নবৌয়েক , ভতিজাক , ভিনিহিয়েক আৰু ভাগিন জোৱাঁই সহ কেবাজনো লোক আহিছিল । ভাওনাৰ দিনা আবেলি সময়ত বায়েক আৰু ভাগিনীয়েক নিহাৰিকাও আহিল । খুলশালী যমুনাৰ লগতে শালপতি আৰু ভাগিন ছোৱালীজনীও সন্ধিয়া সময়ত ভাওনা চাবলৈ আহিল । সিহঁতৰ ঘৰত উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছিল । বায়েক ভাগিনীয়েক আৰু খুলশালীয়েকহঁত আহিব বুলি জানি আগতীয়াকৈ আজি ৰাতিলৈ ব্ৰত ভাঙিম বুলি অংকুৰহঁতৰ ঘৰৰ পৰা পুখুৰীৰ মাছ এক কেজি আনি থৈছিল । গতিকে আলহীয়ে ৰান্ধিব লাগে আৰু খাব লাগে । 
নিৰ্মল কুমাৰৰ সময় নাই । আবেলিৰে পৰা ইটো কৰা সিটো কৰা কৰি থাকোঁতে সময়বোৰ পাৰ হৈ গৈছে । ইফালে দিনৰ দিনটো দোকানত এজন হ'লেও থাকিব লাগে । চাৰিআলিলৈ ওলাই গৈ ভাওনাৰ দিনা ৰাতিলৈ দোকানৰ দৰকাৰী সামগ্ৰী সমূহ আনিব লাগে । আগৰ কেইদিনতকৈ আজি দোকানখন মজবুত ধৰণে সজাই পেলাইছে সি । আজি কেইবিধমান বস্তু বাঢ়িব । পকৰী আলুচপ পাপৰ ডিম পানীৰ বটল আৰু জ্বলা চানা এইবোৰ সামগ্ৰী গোটাই লৈছে । দিনৰ ভাগত তামোল-পাণ ধূপ চাকিৰ বজাৰ সামৰি ৰাতিলৈ ভাওনাৰ বাবে আহিবলগীয়া দৰ্শকৰ সুবিধাৰ্থে সকলো বস্তুৱেই যোগাৰ কৰিলে । চ ৰে আৰম্ভ হোৱা তিনিওবিধ ( চিখৰ চিগনেচাৰ চিগাৰেট ) যোগাৰ কৰিলে । ডেকা ল'ৰাৰ প্ৰিয় বস্তু । গাভৰু বোৱাৰী সকলৰ বাবেও দৰকাৰ । চিখৰ নহ'লে যেন গাভৰু আৰু বোৱাৰীসকলে অকণমান সময়ো পাৰ কৰিব নোৱাৰে ।আজি ভাওনা আৰম্ভ হোৱাৰ আগলৈকে বায়েক আৰু ভাগিনীয়েকহঁতৰ ওপৰতে ঘৰ সম্ভালাৰ দায়িত্ব দি সিহঁতে দোকানলৈ ওলাই আহিছিল । সময়ে সময়ে সিহঁতে ঘৰলৈ গৈ ভাত খোৱাৰ লগতে ঘৰৰ পৰা দোকানৰ সামগ্ৰীসমূহ কঢ়িয়াই আনিছিল । খুলশালী জনীয়ে আজি বায়েক ভিনিহিয়েকৰ দোকানৰ দোকানী । শালপতিয়েকে পকৰী বনোৱা , আলুচপ আৰু পাপৰ বনোৱা কামত সহায় কৰিছে । আগদিনাখনেই সিহঁত আহিছিল আৰু ভিনিহিয়েকক কৈ থৈ গৈছিল পকৰী আলুচপ আদি উলিওৱাৰ কথা । সেয়ে নিজে আহি সহায় কৰি দিছে । ভাওনা আৰম্ভ হয় মানে দহ বাজিছিল । শ্ৰী শ্ৰী ভগৱত দৰ্শন নাট ।  দোকান কেবাখনো হৈছিল । সি আশা কৰা মতে একোৱেই নহ'ল । অন্ততঃ দহ হাজাৰ টকা মানৰ ভিতৰতে বিক্ৰী হ'ব বুলি সি আশা কৰিছিল । কিন্তু চানা পকৰী ডিম আৰু আলুচপৰ বিক্ৰী কিছু পৰিমাণে কম হৈছিল । চিখৰ আৰু চিগনেচাৰ ঠিকেই বিক্ৰী হৈছিল,  যদিও চিগাৰেট খোৱা মানুহ কমকৈ আহিছিল । বিশেষকৈ সৰু সৰু ল'ৰা বোৰক সি চিগাৰেট বিক্ৰী নকৰে বুলি জানি হয়তো অহা নাছিল । 
পিছনিশা চাৰে তিনি চাৰি মান বজাত ভাওনা শেষ হৈছিল । ভাওনা কেনেকুৱা হ'ল বুলি সুধিলে সি ক'ব পৰা বিধৰ নাছিল । কাৰণ ভাওনা চাবলৈ তাৰ সময়ে নাছিল । দোকান সামৰি সুতৰি ঘৰ পায়হি মানে ৰাতিপুৱা পাঁচ বাজিছিল । বায়েক আৰু ভাগিনীয়েক হতে ইতিমধ্যে আহি শুইছিল আৰু খুলশালীয়েকহঁত চাৰে চাৰি বজাতেই ঘৰলৈ গৈছিল । 
পাটলিৰ সতে দোকান সামৰি ঘৰলৈ উভতি আহিছিল সি । ভৰি হাত ধুই এইবাৰ দোকানৰ হিচাপ কৰাত লাগিল । দুবিধ মান সামগ্ৰীৰ বিক্ৰী বিশেষ নহ'ল যদিও মোটামুটি দিনটোৰ হাজিৰা পৰিছিল । দিনে ৰাতিয়ে মিলি দহ হাজাৰ টকাৰ ওপৰত বিক্ৰী হৈছিল । সি স্বস্তিৰ নি:শ্বাস পেলালে । তাৰ পিছত গভীৰ টোপনিয়ে হেঁচা মাৰি ধৰিছিল । সি শুই পৰিল । 

( আগলৈ )


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)