আবেগৰ কণ্টাকাকীৰ্ণ পথ।
সংগীবিহীন যাত্ৰা মোৰ অবিৰত,
অনিচ্ছাকৃত জীৱনৰ।
অস্তমিত সূৰুজৰ কিৰণত,
অনাকাংক্ষিত ,অনাদৃত হেঁপাহ।
প্ৰহেলিকাময় আবেষ্টনীত
কবৰস্থ মোৰ সমস্ত আশা আকাংক্ষা।
ধ্বংসৰ প্ৰতিযোগিতাত,
বিনাশৰ আগ্ৰাসন।
মেঘাছন্ন মনগহনত,
অংকুৰিত বিষাক্ত বীজ
মৰ্মান্তিক বেদনাৰ এবুকু চকুলো।
তোমাৰ কদৰ্য মানসিকতা আৰু
নিষ্ফল অৰ্থহীন প্ৰতিশ্ৰুতিত
বিস্ফোৰিত আশাৰ কৰণিত
খণ্ড বিখণ্ড মোৰ কলিজা।
অজান যন্ত্ৰণাৰ অস্তিত্ব স্তব্ধ
ধূসৰ কুঁৱলীত আচ্ছাদিত
এমুঠি মিঠা স্মৃতি।
সঁচাকৈ, জীৱন ভৰি থকা
অনুভৱৰ ,
এনেকৈয়ে ঘটে সলিল সমাধি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ