উৰি ফুৰা মনটো আজি
সঁজাৰ মাজতেই বন্দী ।
নাই কোনো মোৰ আপোন
সংগী বিহীন এই জীৱন!
মাথোঁ বৈ গৈছে লক্ষ্যহীন নদীৰ স'তে।
জোনাকলৈ চালো সঁচা প্ৰেমৰ ঠিকনা বিচাৰি
"জংকী-পানৈ"ৰ কথা শুনিলো
সঁচা প্ৰেমৰ অৰ্থ বিচাৰি,
শুনিলো আধুনিকতাৰ প্ৰেমৰ কাহিনী।
শেষত গ'ম পালো প্ৰেমৰো এদিন মৃত্যু হয়।
থাকি যায় বিষাদ ভৰা এটি ভগ্ন হৃদয়!
আজীৱন একেলগে থকাৰ
প্ৰতিশ্ৰুতি দিয়াজনো,
এদিন অচিনাকি হৈ যায় ।
সেই ৰঙা গোলাপ ফুলপাহিও শুকাই যায়।
মাথোঁ ৰৈ যায়,এটি স্মৃতি হৈ,এটি সপোন হৈ,
যিটো চকু মেলিলে হঠাতে হেৰাই যায় ।
✍️বিপিন টায়ে
ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ