অন্ধকাৰ ৰাত্ৰি , পোহৰত তত নাছিল ,
জীৱন য'ত , শীৰ্ষত ফুলাম আছিল ।
ই কোমল, যদিও কাঁইটে বিন্ধিছিল ।
তোমাৰ বুকুৰ ফেৰেঙনিত জিলিকাই
মেঘবোৰ গৰ্জ্জে , অব্যাহত ভাৱ বৰ্ষাই,
অব্যক্ত ভাষাৰ সম্ভাৰ ,ভিন্নস্বাদ সৰকায়।
প্ৰলোভিত মনে , ঘামত লোতক লগায়।
মোৰ সপোনবোৰ , ধূসৰিত আকাশখনত
বিস্তাৰিত ধূমকেতু সদৃৃশ , প্ৰায়েই বেজাৰখনত,
আস্ফালন মনোনীত , যাত্ৰাৰ অংশীদাৰত ,
ডাঠ ৰঙৰ সমাহাৰ, জিলমিলাই অস্তিত্ব বিদায়ত ।
যুগান্ত সময়ত , মনত হয়তো ভাৱ গজিছিল
কিছু অসংলগ্ন কণিকাৰ , আয়ুস ও টুটিছিল,
যাত্ৰাৰ প্ৰলোভনত ,জ্ঞান হেৰুৱাইছিল
হিতোপদেশ মনত, হওঁক ঢেঁকী কোবাইছিল ।।
✍️সমৰেন্দ্ৰ হালৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ