ফাগুন ফাগুন লগা এই মন - দৃলীনা দাস

©Admin
0
ফাগুন, 
তই আহিলেই মই হৈ পৰো
এজনী প্রেমিক চৰাই ..........
তই আহিলেই চঞ্চল হৈ পৰে
মোৰ নীলাৰঙী দোপাত্তা, 
তই আহিলেই
পলাশ ফুলে মোৰ হৃদয়ত। 
ফাগুন হৃদয়ত ফাগুন, মনত ফাগুন দেহত ফাগুন ৷
 কি যে মায়াসনা এই ফাগুন ! 
পলাশৰ ৰঙেৰে ৰাঙলী হয় চৌদিশ । ৰঙা ৰঙৰ উথপথপৰে ভৰি উঠে পথৰুৱা কৃষ্ণচূড়া , 
 গুণগুণকৈ বাজি থাকে প্রেমৰ,  ঐনিতম চঞ্চলা ফাগুন তিনিআলিৰ। মুৰৰ দুষ্ট চেঙেলীয়াৰ উকিৰ মাজত,  সাউতকৈ উৰাই নিয়ে কোনোবা  গাভৰুৰ দোপাত্তা ৷ 
আপঙৰ ৰাগি লগাৰ দৰে মাতাল হৈ উঠে বহুতো জেতুকাপতীয়া হৃদয় ৷ ঝিৰ ঝিৰ ঝিৰ ঝিৰ প্রেমৰ বৰষুণ নামি আহে ধৰালৈ ৷
 বা ৰিবৰিব বা ৰিবৰিব মলয়াৰ দুপাখিত উঠি উৰি যাব খোজে হৃদয়খন দূৰ দিগন্তলৈ ৷
সৰাপাতৰ খচমচনিত শীতৰ জঠৰতা ,  ভাঙি সাৰ পাই উঠে ফাগুন পছোৱা,  বলে হৃদয়ত কাৰোবাক নতুনকৈ,  পোৱাৰ পছোৱা কাৰোবাক হেৰুৱাই, পেলোৱাৰ বেদনাত বলা পছোৱা। অতীতৰ এৰি অহা দিকচৌ বাটৰ, সোঁৱৰণীৰ পছোৱা ৷ 
ফাগুনে সপোন আঁকিব জানে শুকান পথাৰখন নকৈ সেউজীয়া কৰাৰ ,  সপোন আঁকি দিয়ে কৃষকৰ দুচকুত ৷ ফাগুনে ৰাগ তানে মেঘমল্লাৰ ৰুণজুন  নুপূৰ বজাই নামি আহে বৰষুণৰ,  টোপাল জীপাল কৰি তোলে শুকান পথাৰ শুকান হৃদয় শুকান মন ৷
ফাগুন মানেই নতুনত্ব , পুৰণিক বিদায় জনাই ।

      ✍️ দৃলীনা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)