ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন - খণ্ড ৩২ -নবীন চন্দ্ৰ মেধি

©Admin
0
সকলো ফালৰ পৰা আজৰি হৈ এইবাৰ নিৰ্মল কুমাৰে কবিতাৰ আলোচনী এখন প্ৰকাশ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইতিমধ্যে ফেচবুক একাউণ্ট আৰু হোৱাটছএপ গ্ৰুপৰ জড়িয়তে কবিতা বিচাৰি বিজ্ঞাপন দিছিল । ডিব্ৰুগড় গুৱাহাটী বৰপেটা লখিমপুৰ মৰিগাঁও গোলাঘাট কাৰ্বি আংলং নগাঁও তিনিচুকীয়া শোণিতপুৰ আদি অসমৰ বিভিন্ন প্ৰান্তৰ কবি বন্ধু বান্ধৱী সকলক নতুনকৈ প্ৰকাশ পাব লগা কবিতা আলোচনী খনৰ বাবে কবিতা লিখিবলৈ আহ্বান জনাইছিল । 

নিৰ্মল কুমাৰৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্যে নিৰ্মল কুমাৰৰ হোৱাটছএপ নম্বৰত আৰু ই মেইল যোগে বহুত কবিতা প্ৰেৰণ কৰিছিল । গ্ৰুপৰ জড়িয়তে পঠিওৱা কবিতাসমূহ ইতিমধ্যে গ্ৰুপত আছেই । 

আজি দিনটোৰ ব্যস্ততাৰ শেষত সন্ধিয়া চাৰে সাত বজাত গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰলৈ ফোন লগালে । ছাৰৰ সতে বাৰ্তালাপ কৰিলে । ছাৰ সৰুপথাৰৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক । নাওজান চুঙাজান আঞ্চলিক কবি সন্মিলনৰ প্ৰতিষ্ঠাতা হিচাপে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে । গতিকে আৰু অকণমান কষ্ট ভোগ কৰক বুলি ছাৰলৈ ফোন লগাই কথা বতৰা পাতিলে । ছাৰেও হেলাৰঙে সেইখিনি কষ্ট স্বীকাৰ কৰিবলৈ মান্তি হ'ল । নহ'বনো কিয় ? ছাৰেই যিহেতু হৰ্তাকৰ্তা বিধাতা । ছাৰৰ সহযোগত মাৰ্চ মাহৰ ভিতৰতে আলোচনীখন প্ৰকাশ কৰি উলিওৱাৰ দায়িত্ব নিৰ্মল কুমাৰে মূৰ পাতি ল'লে । 

পূৰ্ণগতিত কাম হৈ গৈ আছে । নাওজান চুঙাজান আঞ্চলিক কবি সন্মিলনৰ সভাপতি শেখৰ চুব্বা আৰু সম্পাদক মুকুন্দ মাধৱ বৰা । দুয়োজনৰ লগত যোগাযোগ চলি আছে । মুকুন্দ মাধৱ বয়সত সৰু । কিন্তু শেখৰদা আৰু নিৰ্মল কুমাৰ শৰ্মা দুয়ো পুৰণি বন্ধু । ১৯৯৬/৯৭ চনৰে পৰা চিনাকি । গতিকে শেখৰদাক সভাপতি পদৰ বাবে নিৰ্মল কুমাৰে নিজেই বাচনি কৰিছিল । গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰে পত্ৰিকা / আলোচনী সম্পাদক হিচাপে নিৰ্মল কুমাৰ শৰ্মাক দায়িত্ব দিছিল । ছাৰে জানিছিল এটা সংগঠন চলাবলৈ যিমান জটিল , তাতকৈ জটিল এখন সৰ্বাংগ সুন্দৰ আলোচনী প্ৰকাশ কৰা । গতিকে নিৰ্মল কুমাৰে যিহেতু অতীতৰে পৰা গল্প কবিতা প্ৰৱন্ধ আদি লিখা মেলা কৰি আহিছে , নিজৰ কাব্য গ্ৰন্থ প্ৰকাশ আৰু কেবাখনো আলোচনী সম্পাদনা কৰিছে সেয়ে নিৰ্মল কুমাৰৰ ওপৰতে আলোচনী সম্পাদনা কৰাৰ দায়িত্ব দিয়া যাওক । 

সকলো সাজু হৈ উঠিছিল । এতিয়া সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি সি কবিতাসমূহ সম্পাদনা কৰাৰ বাবে সিদ্ধান্ত ল'লে । ক'ৰবাত বানান ভুল হৈ আছে , শুধৰণি কৰিব লাগে । ক'ৰবাত ভাষা শুৱলা হোৱা নাই , ক'ৰবাত ছন্দ মিলা নাই তাতো অলপ হাত ফুৰাব লাগিব নেকি এইবোৰ চোৱা-চিতা কৰাৰ দায়িত্ব নিৰ্মল কুমাৰে ল'লে । 

১৫ ফেব্ৰুৱাৰী ,২০২৪ কবিতা পঠিওৱাৰ শেষ সময় সীমা নিৰ্ধাৰণ কৰা হৈছিল । গতিকে আৰু দুদিনমান বাট চালে । মাৰ্চ মাহৰ ভিতৰতে আলোচনীখন প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ছপাশালৰ পৰা ওলাই অহাৰ পিছত আলোচনীখন উন্মোচন কৰাৰ বাবে এডোখৰ নিৰ্দিষ্ট স্থানৰ দৰকাৰ হ'ব । স্থান আৰু দিন বাৰ ঠিক কৰিবৰ বাবে সভাপতি শেখৰ চুববাদাৰ সতে আলোচনা কৰো বুলি সি ফোনটো লগালে । 

: নমস্কাৰ শেখৰদা । 

: নমস্কাৰ নমস্কাৰ ।


( আগলৈ) 
✍️নবীন চন্দ্ৰ মেধি । 
গোলাঘাট ।
৮১৩৫৮৭৪৮০৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)