"হাড় ভগা নিলাজী বনৰ দৰে মোৰ এই প্ৰেম-নিপু কুমাৰ দাস

©Admin
0
নীৰৱেই বয় বেদনা সিক্ত হৃদয়ত 
প্ৰেমৰ সেউজী সুবাস গুটি ফুলীয়া গোন্ধই 
নিজান বনত কেতেকীৰ হিয়া ভগা মাত

বুকু উজাৰি অহা মোৰ দুখবোৰ
তোমাৰ দুহাতত আকৌ গুজি দিম উভটাই 
থপিয়াই আঁজুৰি আনি মই যেন

প্ৰেম-বিষাদ এই গাভৰু নৈখন 
মোৰ বুকুৰ মোহনাৰ পৰা যায় যদি যাওঁক বৈ
তোমাৰ বুকুৰ প্ৰেম সাগৰত

তুমি কোন ঋতুৰ প্ৰেমিক চৰাই 
বুকুৰ ভাঁজত বোৱাই প্ৰেম বিষাদৰ যমুনা 
কানাইৰ বাঁহীৰ সুৰত হৈ মতলীয়া 

ঋতুৱে ঋতুৱে ফুলা ফুলবোৰেই
গোলকীয় গোন্ধই চৌদিশ আমোল মোলাই 
সুবাসিত হৃদয়ত প্ৰেম অনুভূতি জগাই

নিলাজী বনৰ দৰে দেখোন  
এই প্ৰেমেই মোৰ ফাগুন বনত ৰং চতিয়াই
কিয় জানো থিতাতেই মৰহি যায়-----।

                        ***

✍️নিপু কুমাৰ দাস 
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)