তোমাৰ অপেক্ষাত অচিনাকী চৰাইজনী-দিপশিখা ৰাজকোঁৱৰ

@admin
0
তোমাৰ আগমনত প্ৰথমজাক
কবিতাৰ বৰষুণ দিছিল মোৰ
কণমানি অভিমানী থুনুকা হৃদয়ত 
নিঃশব্দ শব্দবোৰে খেলিছিল
তোমাৰ আগমনত উন্মনা হৈ।
তুমি চোন মোৰ কাষতেই আছা
কওঁনে মোৰ অভিমানী হৃদয়ৰ
নীলা খামৰ চিঠিত লিখি সাঁচি ৰখা
অভিমানী শব্দৰ কথাবোৰ 
নে মই নক'লেও বুজি ল'বা তুমি।
মই সলনি হোৱা নাই অচিনাকী চৰাইজনী 
সেই আগৰ দৰেই আছোঁ
তোমাৰ লগত বাৰ্তালাপত বিলীন হ'বলৈ এতিয়াও
ব্যাকুল হৈ অপেক্ষা কৰি উচুপি আছোঁ 
নীৰৱতাৰ সময়ত তুমি গুছি যোৱা বাটলৈ ঘণ্টা ধৰি চাই থাকোঁ
কিজানিবা মোৰ কান্ধত পৰি
নিঃসংগতাৰ সময় নাশি মৰমেৰে
অভিমানী বুলি শান্তনা দিবা ।
তুমি উভতি নাহা বুলি জানিও
তোমালৈ অপেক্ষা কৰোঁ জানা
মোৰ অচিনাকী চৰাইজনী আহিব বুলি 
পাহৰি যাওঁ আগৰ দৰে যে
দুপাখি মেলি কাষলৈ নাহা বুলি।
এতিয়াও পোহৰতকৈ বেছি
আন্ধাৰক আপোন কৰি ভাল পাওঁ
বেয়া নাপাওঁ তোমাক কেতিয়াও
কেৱল অভিমান কৰোঁ তোমাক 
মইতো অভিমানী বুলি জানাই
তোমাৰ অপেক্ষাত অচিনাকী চৰাইজনী।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)