খুলীয়াই বজালে খোল,
বহাগত মায়ে আঞ্জাত দিলে
জুতি লগা ভোল।
তোমাৰ কাজল সনা চকু দুটাই,
মনত লগালে মোৰ প্ৰচণ্ড হুলস্থূল।
আয়ে পঠিয়ালে বজাৰলৈ ,
মাংস,মাছ আনিবলৈ,
তাতে দেখি জহা ভোল,
হুলস্থূলৰ কথা মনত হ'ল।
সেই বুলি মনত পাতিলো ঠেহ,
জহা ভোল আৰু নাখাও দে।
অৰ্থহীন মনৰ ভিন্ন খং,
তোমাৰ কথাত নিদিও ঢং।
ভালে আছোঁ তোমাক এৰি, নিবিচাৰিবা মোক ঘূৰি-ফুৰি।
আছিল মৰম তোমালৈ মোৰ,
এতিয়া আৰু নাচাই উভতি
তোমালৈ মোৰ চকুযোৰ।
Xundor
ReplyDelete