ফাগুনৰ প্ৰথম জাক বৰষুণ-নিপু কুমাৰ দাস

@admin
0
ফাগুন আহিলে যেন ফাগুন 
গছৰ ডালবোৰ নঙঠা হৈ পৰে   
শিমলু,মদাৰ আৰু পলাশেই 
কিয় বাৰু ডাল ভৰি ভৰি
ইমান ৰঙা কৈ ফুলে----------।

ফাগুনৰ গোমোঠা আকাশ
সিৰ-সিৰিয়া এজাক বতাহেই   
ধূসৰিত ধূলিকণা উৰুৱাই
দুখৰ মৃদঙ্গ বজাই প্ৰাণত
উন্মনা মনত যায় চুই বিষাদে ।

ফাগুনৰ প্ৰথম জাক বৰষুণ 
ক'ৰবাত যেন পৰিছে
লাহে-লাহে আঁতৰিব ধূলি      
গছ-লতা,ফলে-ফুলেই 
প্ৰকৃতি উঠিব চাগে ঠন ধৰি ।

মন গহনত যেন ছটফটাই 
এটি প্ৰেমিক চৰাই 
উলাহতে নাচি জুৰিব গীত 
কঁজলা মেঘবোৰ যাব আঁতৰি
দেহা জুৰ পৰিব বসন্তৰ বা লাগি ।

                    


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)