একত্ৰিশ-জিণ্টু চাংমাই

©Admin
0
এটা ৰাতিৰ পাৰ্থক্য
কি বিশেষ আছে,
ৰাতিৰ বুকুত জীৱনৰ সিপাৰে...।

পেটত থৈ মুখত মৈ দিয়া কথাবোৰ
ৰাতিৰ জলকেলি আৰু 
ধোৱা ধোৱা গোন্ধোৱা মনটো
বুকুৰ যন্ত্ৰণাবোৰ কোনে লুকুৱাই;
পোহৰে নে এন্ধাৰে?

বিশেষ কৈ বিশেষ হ'ব পৰা একো নাই
আছে মাথোঁ চোবাই হজম কৰিব পৰা এটা পেট,
ভোকটো ক'ত থ'ম
পিতাইৰ কান্ধত নে আইৰ পেৰাত
ভৰাই লোৱা হওক আশাৰ খালি জেপত।

এন্ধাৰক সাৱটি জোনেও কথা কয়
ৰাতি দীঘল মানেই আকাশখন মোৰ,
এৰা...!
কিয় যে তৰাবোৰে ছাটিফুটি কৰে;
এনেকৈয়ে শৰপাট সময়ৰ ডেউকাত
গপত গংগাটোপ পুৱাৰ বেলিটোক
এন্ধাৰে পোহৰে কোনে জানো মাতে ?


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)