বিচ্ছেদ-সৰ্বানন্দ কাকতি

©Admin
0
এতিয়া আৰু সেই সময় নাই
তুমি মোক,
ম‌ই তোমাক চাম
সেয়া আজি অতীত।

অপেক্ষাবোৰ আজি যে অথলে গ'ল
দুয়ো মিলি এক হ'ম
সেয়াও আজি মিছা হ'ল 
এতিয়া আৰু সেই সময় নাই।

এতিয়া আৰু সেই সময় নাই
তুমি আহিবা ম‌ই ৰৈ থাকিম,
ইখনৰ পাছত আনখন বাছ পাৰ হৈ যাব
তুমি বুলি ম‌ই মূৰ তুলি চাম । 
সেয়াও আজি মিছা হ'ল
এতিয়া আৰু সেই সময় নাই।

তুমি গুচি গ’লা
ম‌য়ো এৰি আহিলোঁ 
দি গ’লা অমিয়া স্মৃতি মধুৰ
এতিয়া আৰু সেই সময় নাই।

ম‌ইটো কেতিয়াও তুমি বিচৰাৰ দৰে
তোমাৰ হ’ব নোৱাৰিলোঁ
সেইবাবে হয়তো আজি তুমি নাই
এতিয়া আৰু সেই সময় নাই 

অন্য প্ৰেমিকৰ দৰে 
ম‌ইটো এতিয়া সুৰাৰ বটলৰ লগত,
স্মৃতিবোৰ ভাগ-বটৰা কৰিব নোৱাৰোঁ
এতিয়া আৰু সেই সময় নাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)