মোৰ মৰমৰ আই-সৰিফুল আলম

©Admin
0
অ’ মোৰ মৰমৰ আই,
তোমাক দেখিলে মোৰ হিয়া পমি যায়
গা যা জোৰায় ।
তোমাৰ কথা ভাবিলেই মোৰ ভাল লাগি যায়
তুমি যে মোক কিমান কৰা আদৰ
তাক বুজাবৰ ভাষা মোৰ ওচৰত নাই
অ’ মোৰ মৰমৰ আই
তোমাক দেখিলে মোৰ হিয়া পমি যায়
এই বিশ্বত পালোঁ প্ৰথমে যাৰ পৰিচয় ,
হাড়ে হিমজুয়ে চিনি পাওঁ তোমাক
তুমিয়ে মোৰ মৰমৰ আই।
তোমাৰ ওচৰত আছে সাগৰ মৰমৰ
নোৱাৰে পাহৰিব তোমাৰ মৰম কেতিয়াও
তেনেই তুমি আপোন 
মোৰ এদানি হিয়াৰ । 
অ’ মোৰ মৰমৰ আই,
তুমি অবিহনে নাই কোনোৱেই নাই
তোমাক দেখিলে মোৰ হিয়া পমি যায়।
        ‌                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)