ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৭•নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
: হেল্ল' শুনিছেনে ? 

পাটলিৰ ফোন । তাই ঘৰৰ পৰা ফোন কৰিছিল । আজিকালি নিৰ্মল কুমাৰ শৰ্মাৰ কাণখন অলপ গধূৰ হ'ল । লাহেকৈ ক'লে শুনি নাপায় । বয়সৰ গণ্ডগোল নে আন কিবা সি নাজানে  । কিবা কথা বতৰা পাতিলে ফুচফুচাই পাতিলে বৰ টান পায় । অলপ গহীনাই পাতিলে ভাল পায় । 

: অ শুনিছোঁ কোৱা । 

: ভাগিনীয়েকৰ বিয়া ওলালে নহয় গম পায় নে নাই ? 

: কি ? 

: অ । বাইদেউৱে ফোন কৰিছিল । আবেলি সময়ত স্কুলৰ পৰা ঘৰলৈ  অহাৰ পিছত তাইৰ বিয়া ওলালে ।  এতিয়াই আমি কেইগৰাকীমান তালৈ যাব লাগিব । আপুনি দোকান বন্ধ কৰি ঘৰলৈ আহক । 

ভাগিনীয়েকৰ বিয়াৰ কথা শুনি মোমায়েকৰ চিন্তা বাঢ়িল । এজনীয়ে ভাগিন । গতিকে খৰচৰ কথা আছে । তাতে নিজৰ ছোৱালী পৰিণীতাতকৈ মাত্ৰ আঢ়ৈ মাহৰ ডাঙৰ । তাইৰ বিয়া হোৱা মানে দেখোন পৰিণীতাৰ বিয়াৰ বয়স হ'ল । এঘাৰ বছৰ সম্পূৰ্ণ হৈছিলহে , সৌ সিদিনা জন্মদিন পালন কৰিছিল । ৫ ফেব্ৰুৱাৰী , ২০১৩ । আৰু আজি ২২ ফেব্ৰুৱাৰী , ২০২৪ ।  ফাগুনৰ ন তাৰিখ , বৃহস্পতি বাৰ । এঘাৰ বছৰ সম্পূৰ্ণ হ'ল মাত্ৰ । পৰিণীতাৰ এঘাৰ বছৰ সম্পূৰ্ণ হ'বলৈ আৰু মাত্ৰ দুমাহ দিন আছে । ২১ এপ্ৰিল , ২০১৩ চন , অসমীয়া ৭ ব'হাগ দেওবাৰে  ৰাতি ১১ : ২৫  ত তাইৰ জন্ম । 

ভাগিনীয়েক নিহাৰিকাৰ পুষ্পিতা হোৱাৰ কথা শুনি সি লগে লগে দোকান বন্ধ কৰি ঘৰলৈ আহিল । পাটলিৰ গাত তত নাইকিয়া হ'ল । ইঘৰ সিঘৰলৈ গৈ খবৰ দিলে । তাৰ পিছত ততাতৈয়াকৈ ওলাই বায়েকৰ ঘৰলৈ যাবলৈ সাজু হ'ল । 

নিৰ্মল কুমাৰে এজন অট'ৱালালৈ ফোন কৰিলে আৰু কম সময়ৰ ভিতৰতে আহি পালেহি । প্ৰতিমা নবৌ , মিলিকদাহঁতৰ কেটেলি খুড়ীদেউ , প্ৰাঞ্জুমণি , পৰিণীতা আৰু পাটলি এই পাঁচ জনী লগ লাগি অট'ত উঠি দগাঁও পালেগৈ । 

যোৱাকালিৰে পৰা নেৰানেপেৰা বৰষুণ পৰি আছে । গতিকে গাড়ীখন যে একেবাৰে পদুলিলৈকে নিব নোৱাৰে সি গম পাইছিল । ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ৰ কাষতে গাড়ীখন থৈ খোজেৰেই আগবাঢ়িছিল সিহঁতে । ভিনিহিয়েকে এইখন বিদ্যালয়তে আৰম্ভণিৰে পৰা প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰিছিল । যোৱাবছৰ অৱসৰ গ্ৰহণ কৰিলে । 

ওচৰতে দগাঁও এপিবিএন কেম্প । কিন্তু চৰকাৰৰ ভ্ৰূক্ষেপেই নাই । বাট পথৰ অৱস্থা তথৈবচ । বৰষুণ বতৰত গাড়ী এখন পাৰ কৰাই নিবলৈ সাধ্য নাই । কেনেকৈ যে এইসকল বেটেলিয়নক গাঁৱৰ মাজত ৰাখি থৈছে । 

নীতি নিয়মৰ মাজেৰে ভাগিনীয়েকক চুকত সোমোৱাই থৈ ঘৰ পাইহি মানে সিহঁতৰ ৰাতি প্ৰায় আঠ বাজিছিল ।  নিৰ্মল কুমাৰে ৰন্ধা বঢ়া কৰি দুয়ো বাপ বেটাই খাই বৈ আজৰি হৈছিল ।  পাটলি আৰু পৰিণীতাই কিছুসময়ৰ পিছতহে খোৱা বোৱা কৰিলে । 

কৌশিক প্ৰতাপ আৰু পৰিণীতা দুয়োৰে পৰীক্ষা অনুষ্ঠিত হৈছে । ২১ ফেব্ৰুৱাৰী , বুধবাৰৰ পৰা পৰীক্ষা আৰম্ভ হৈছিল । আজি দ্বিতীয় দিন । ব্যক্তিগত খণ্ডৰ বিদ্যালয় । পৰীক্ষাৰ মাছুল , মাহেকীয়া মাছুল আৰু নামভৰ্তিৰ মাছুল মিলাই দুটা ল'ৰা ছোৱালী পঢ়াওঁতে বছৰেকত ২৪০০০/২৫০০০ টকা খৰচ কৰিব লগা হয় । উপায় নাই । উপাৰ্জন কৰিবলৈও অক্ষম । তথাপিও আজি ছয় বছৰ পাৰ হ'ল । এইবাৰ যেন আৰু উপায় বিহীন হৈ পৰিছে । সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অপাৰগ হৈ পৰিছে । চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ কথা চিন্তা চৰ্চা কৰিছে যদিও ভয় কৰে কিজানি পঢ়া বেয়া হয় । চৰকাৰ আৰু শিক্ষকসকলৰ মতি গতি দেখা পাই আজি কালি অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালীক নামভৰ্তি কৰাৰ কথা চিন্তা নকৰা হ'ল । বহুত অভিভাৱকে উপায় বিহীন হৈ হে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়ায় । 

সততে শুনা যায় চৰকাৰী চাকৰি কৰিবলৈ ভাল কিন্তু চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়ুৱাবলৈ বেয়া ।  কিয়নো চৰকাৰী বিদ্যালয়ৰ শিক্ষকেই নিজৰ ল'ৰা ছোৱালীক নিজৰ বিদ‌্যালয়ত নপঢ়ায় ব্যক্তিগত বিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়িবলৈ পঠিয়ায় । গতিকে আনে কিয় পঢ়াব ? পাল মাৰি মাৰি সময় পাৰ কৰায়। সময়মতে বিদ্যালয়লৈও নাহে । বিভিন্ন অভাৱ অভিযোগ শুনাৰ লগতে নিজে দেখা পায় । ক'লে কথা বাঢ়ি যায় । গতিকে নোকোৱাকৈ থকাই ভাল ।  

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)