নীহাৰিকা•ভূষণ চন্দ্র ৰয়

Rinku Rajowar
0
নীহাৰিকা
আছানে সাৰে তুমি
যৌৱন সপোন পাহিত
সুখৰ সপোন ৰচি? 
জানা! 
এই বিষন্ন প্ৰহৰ
মলিন জোনাক সৰা
মোৰ বুকুৰ চোতাল
অযুত আশাৰ স্বপ্ন ভৰা
নয়ন তীৰত
সাৰ-সুৰ নাই নিদ্ৰাসুৰীৰ। 
সপোন থেকেচি সেয়ে
লিৰিকি বিদাৰি মাথো
সাৰে আছোঁ মই
বেদনাৰ জবাফুল ছিঙি । 
বৰ কষ্ট জানা! 
সপোনবোৰ এতিয়া মোৰ
চকুৰ বালি
নুবুজি বুজিলো হৰণ-পূৰণ
জীৱনৰ ৰহণ। 
তথাপি, 
জানা- নীহাৰিকা
তোমাকে ধিয়াই
সাৰে আছোঁ মই
এই বিষন্ন প্ৰহৰ। 

✍️ভূষণ চন্দ্র ৰয়,বাক্সা
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)