তুমি মোৰ হৃদয়ৰ দাপোন-নাছিৰ আহমেদ

@admin
0
হে বন্ধু! সঁচাই যদি তুমি যাবাগৈ,
ইমান মৰম কিয় ঢালি দিলা ?

এতিয়া গভীৰ ৰাতি হ'লেই
হৃদয়ৰ খিৰিকী খুলি দিওঁ ;
জানোচা এজাক বৰষুণে মোক তিঁয়াই দিয়ে
তোমাৰ স্মৃতিৰ সুৱাস মেলি দি ।
আৰু মোৰ মস্তিষ্কৰ স্নায়ুপটত ভাঁহি ভাঁহি যায়
তোমাৰ নিজহাতে দীঘে-পথালিকৈ অঁকা 
কমলাৰঙী, সেউজবুলীয়া, ৰঙচুৱা আলোকচিত্ৰ।

তুমিয়ে মোৰ হৃদয়ৰ দাপোন! 
 তুমিয়েই মোৰ আপোন আপোন!!

হে বন্ধু! সঁচাই যদি তুমি যাবাগৈ
ইমান মৰম কিয় ঢালি দিলা ?

 মই চাতক পক্ষীৰ দৰে ডেউকা কোবাই কোবাই
  ইডালৰ পৰা সিডাললৈ উৰি ফুৰোঁ ইনাই -বিনাই--
   " বৃষ্টি দে---------বৃষ্টি দে--------বৃষ্টি দে ----------" যি বাটেৰে তুমি গৈছা ,আহিবা নেকি আকৌ দুনাই
আৰু তোমাৰ এক বিন্দু প্ৰেম-বৰষুণ দিবা ঢালি ?
মই আকৌ বৃন্ত্যচ্যুত হওঁ এজোপা বটবৃক্ষৰ দৰে।
বিচ্ছেদৰ কৰুণ-গাথা গাওঁ, তোমাক বিচাৰি সখী!

হে বন্ধু ! সঁচাই যদি তুমি যাবাগৈ
ইমান মৰম কিয় ঢালি দিলা ?

হৃদয়ৰ খিৰিকী খুলি দিওঁ ;
এবাৰ আঁহা না , আঁহা না উলটি
মোৰ জীৱন নৈৰ ঘাটে ঘাটে , 
আশাৰ তৰী বাই বাই!
মোৰ বুকুত ঢালি দিয়া এজাক মেঘালী বৰষুণ ;
মই তোমাৰ মৰমতে পমি যাওঁ,মমৰ দৰে গলি যাওঁ!

তুমি যে মোৰ হৃদয়ৰ দাপোন!
তুমিয়েই মোৰ আপোন আপোন!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)