প্ৰেমৰ শুভদিন ভেলেন্টাইন ডে'•ৰেখামণি চাৰিঙীয়া

Rinku Rajowar
0
দুটি বৰ্ণৰ এটি শব্দ প্ৰেম,যাক লৈ মানৱ সমাজত কৌতূহলৰ সীমা নাই।ই হৈছে মানৱৰ হৃদয়ৰ গভীৰতম অংশৰ পৰা প্ৰকাশ হোৱা এক বিশেষ অনুভূতি।প্ৰেমত আছে গভীৰ ৰহস্য।প্ৰেমক লৈ মানুহৰ অজস্ৰ প্ৰশ্ন। প্ৰেমৰ বতাহে কম বেছি পৰিমাণে সকলোকে চুই যায়।
প্ৰেমৰ বিভিন্ন প্ৰকাশ যেনে- দেশ-প্ৰেম,পুত্ৰ-প্ৰেম, মাতৃ-প্ৰেম,প্ৰকৃতি-প্ৰেম, সংস্কৃতি-প্ৰেম,গ্ৰন্থ-প্ৰেম, আদি হলেও সাধাৰণতে প্ৰেম বুলিলে নাৰী-পুৰুষৰ বহু চৰ্চিত প্ৰেমকেই বুজোৱা হয়। প্ৰেম কত নাই!স্বৰ্গৰ দেৱতাগণ আৰু মৰ্ত্যৰ মনুষ্যগণ।স্বয়ং শ্ৰী কৃষ্ণৰ প্ৰেম কাহিনীয়েই ৰসাল।প্ৰেম যুগে-যুগে।-সেয়েহে হয়তো ১৪ফেব্ৰুৱাৰী এই বিশেষ দিনটোক প্ৰেমৰ দিন হিচাপে পালন কৰি অহা হৈছে এক বিশেষ দিন-ভেলেন্টাইন ডে'। বৰ্তমান ভেলেন্টাইন ডে' দিনটো উদযাপন কৰাতো প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত পৰম্পৰাৰ দৰে হৈ পৰিছে।অৱশ্যে ইয়াৰ বিৰোধিতাও হৈছে।ইয়াৰ বতাহে অসমকো চুই গৈছে।

ভেলেন্টাইন ডে'ৰ লগত জড়িত এক বিশেষ কাহিনী আছে।কাহিনীৰ জ্ঞাতে বা অজ্ঞাতে ই প্ৰেমিক-প্ৰেমিকাৰ বাবে এক আনন্দৰ দিন। খ্ৰীষ্টীয় তৃতীয় শতাব্দীৰ কথা।ৰোম সাম্ৰাজ্যত সেই সময়ত শাসনকৰ্তা আছিল-দ্বিতীয় ক্ল'ডিয়াছ গথিকাছ।ৰোম সাম্ৰাজ্যৰ যুদ্ধ-বিগ্ৰহ ইতিহাস প্ৰসিদ্ধ।বৃহৎ ৰোম সাম্ৰাজ্য ৰক্ষা কৰিবৰ বাবে সঘনাই যুদ্ধ-বিগ্ৰহত লিপ্ত হব লগাটো ৰজাৰ আছিল এক প্ৰকাৰৰ মূৰৰ-কামোৰণি।কাৰণ-ইয়াৰ বাবে লাগে এক বিশাল সৈন্য-বাহিনী।আনহাতে সৈন্য-বাহিনীত যোগ দিবলৈ কিমানজনেই বা ইচ্ছুক!ৰজাৰ এক বদ্ধমূল ধাৰণা আছিল,প্ৰেম,বিবাহ এইবিলাকৰ বাবে ডেকা যুৱকসকল সৈন্য বাহিনীত যোগ দিবলৈ ইচ্ছুক নহব।কাৰণ প্ৰেয়সী বা পত্নী তথা পৰিয়ালবৰ্গক এৰি তেওঁলোক মানসিকভাৱে দুৰ্বল হয়।সেই মৰ্মে তেওঁ এক নিৰ্দেশ জাৰি কৰিছিল প্ৰতিজন কাৰ্য্যক্ষম যুৱকেই সৈন্য-বাহিনীত যোগ দিব লাগিব আৰু তেওঁলোকে কোনো নাৰীৰ লগত সম্পৰ্ক ৰাখিব নোঁৱাৰিব।
  প্ৰেম বোলে অন্ধ।প্ৰেমে একো নামানে।সেয়ে-হয়তো সকলো নিৰ্দেশনাৰ উৰ্ধত এক ব্যতিক্ৰমী চৰিত্ৰৰ ব্যক্তিয়ে গোপনে প্ৰেমৰ অভিসাৰ চলাই গ'ল।তেওঁ হল এক ৰোমান পুৰোহিত ভেলেন্টাইন।তেওঁৰ অজস্ৰ গোপন প্ৰেমিকা আছিল।বিষয়টো ৰজাৰ কাণত পৰাত ৰাজকীয় আদেশ উলংঘন আৰু সৈন্য বাহিনীত যোগ নিদিবলৈ যুৱকসকলক উৎসাহিত কৰা বুলি তেওঁক বন্দী কৰা হ'ল আৰু মৃত্যুদণ্ডৰ আদেশ দিয়া হল।বন্দী অৱস্থাতো তেওঁক অজস্ৰ প্ৰেমিকাই ঘেৰি আছিল।ৰজাই তেওঁক মত সলাবৰ বাবে সুযোগ দিছিল।যদিও তেওঁ নিজৰ মতত আছিল অলৰ-অচৰ। প্ৰেম সত্য,স্পষ্ট,নিৰ্ভীক এই মতেৰে তেওঁ বন্দী অৱস্থাৰ পৰা হৃদয়ৰ আকৃতিৰে গছৰ পাত কাটি তাত লিখিছিল-
'Remember your Velentine'। মৃত্যুৰ দিনাও প্ৰেমিকাসকলক উদ্দেশ্যি তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল।এই বহু চৰ্চিত মহান প্ৰেমিকগৰাকীক মৃত্যদণ্ডৰে দণ্ডিত কৰা হয়-২৬৯ খ্ৰীষ্টাব্দৰ ১৪ফেব্ৰুৱাৰিৰ দিনটোত। তেওঁৰ প্ৰতি সন্মান জনাই প্ৰেমিক-প্ৰেমিকাসকলে অতীজৰেপৰা এই দিনটো ভেলেন্টাইন ডে' হিচাপে পালন কৰি আহিছে।।

▪️ৰেখামণি চাৰিঙীয়া।
জিলা-তিনিচুকীয়া(অসম)।
পিন:৭৮৬১৮২।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)