এইয়া কেনে তোমাৰ ভালপোৱা•চিন্ময় বৰা

Rinku Rajowar
0
মনত আছে নে তোমাৰ ? 
মই অকলশৰে বহি জোনাক চোৱাৰ সময়তে 
এজাক বৰ্ষা হৈ তুমি যে সৰি আহিছিলা,
ধুই নিছিলা মোৰ যত বিষাদ,যন্ত্ৰণা
আজি তুমি মোৰ পৰা আঁতৰি যাওঁতে
সকলো সুদসহ মোক ঘুৰাই দি গ'লা। 

এনে লাগিল পলকতে 
কিয় যে তুমি আহিছিলা,কেৱল মোক শেষ কৰিবলৈ
কিয় যে তোমাৰ প্ৰেমত পৰিছিলো
বিশ্বাস কৰিছিলো,সপোন দেখিছিলো তোমাকলৈ। 
এতিয়া অনুতাপ হয় 
নিজৰেই নিজলৈ ধিক্কাৰ জন্মে
যি একোৰে যোগ্যয়েই নাছিল
তেওঁক কিদৰে মোৰ হৃদয়ে ভালপোৱা দিলে,
তেওঁৰ দুচকুৰ মিছা ভালপোৱাক 
কিদৰে মোৰ হৃদয়ে সচাঁ বুলি ভাবিলে! 

আচৰিত!
ভ্ৰমকো সত্য বুলি স্বীকাৰ কৰোৱা
ই কেনে তোমাৰ মায়াৰ নিপুণতা!


✍️চিন্ময় বৰা
চতিয়া,বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)