ডায়েৰীৰ ভাঁজত -শিল্পী দাস

©Admin
0
আজিও আছে সযতনে ডায়েৰীৰ ভাঁজত ৰখা
সেই গোলাপ ফুলবোৰ,
মাথোঁ তোমাৰ বাবে থোৱা।
দিয়া নোহোৱা গোলাপবোৰ
আজিও হোৱা নাই দিয়া
গোপনত সাঁচি ৰাখিছোঁ
ভালপোৱাৰে ডায়েৰীৰ ভাঁজত,
তুমি সেয়া নাজানা।
বুকুভৰি কল্পনাহীন ভালপোৱা
আছে প্ৰতিপল লগৰী,
তোমাক গোলাপবোৰ দিবলৈ
মোৰ হৃদয় নহয় সাহসী।
মোৰ হৃদয়ে আশা কৰিছিল
তুমি গোলাপ এপাহি 
মৰমতে দিবা বুলি,
কিন্তু তুমি দিয়া নাই
হ'ব চাগে ভাল নোপোৱা।
ডায়েৰীৰ ভাঁজত ৰখা গোলাপবোৰ
শুকাই মৰহি গ'ল,
তুমি অজানা কথাবোৰও
অজানিতে হেৰাই গ'ল।
আহিবা জানো কেতিয়াবা
ভালপোৱাৰে থোৱা গোলাপবোৰ
মৰহি গ'লেও নিবলৈ
প্ৰিয় প্ৰেমিক হৈ।
নালাগে প্ৰিয় আহিব.....
নিদিওঁ তোমাক গোলাপবোৰ,
তথাপিও মাথোঁ তোমাৰ বাবে
সযতনেসাঁচি ৰাখিম গোলাপবোৰ 
জীৱনৰ অন্তিমলৈকে 
মোৰ গোপন ডায়েৰীৰ ভাঁজত।

          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)