লিংগৰাজ মন্দিৰৰ চোতালত বহি নীল পৰ্বত বাসিনীক চিন্তিলোঁ•চুমিন্দ্ৰ চৌধুৰী

@admin
0
কৰ্মসূত্রে কালি উৰিষ্যা চৰকাৰৰ সহযোগত অনুস্থিত কনষ্ট্ৰাকছন আৰু মাইনিং কোম্পানীৰ বাণিজ্য মেলা এখনৰ উদ্বোধন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ সুযোগ পালোঁ । উৰিয়া বোলছবিৰ মোহময়ী নায়িকা শ্ৰীমতী অৰ্চিতা চাহুৰ সৈতে অংশগ্ৰহণ কৰা সেই কাৰ্য্যসূচীৰ পাছতে সুযোগ মিলাই পুৰীৰ জগন্নাথ মহাপ্ৰভু আৰু ভুৱনেশ্বৰৰ লিংগৰাজ মন্দিৰ দৰ্শনৰ লোভ সামৰিব নোৱাৰিলোঁ । ঈশ্বৰে বিচাৰিলেহে তেখেতৰ দৰ্শন লাভ হয় । সেই কথাটো মই হাড়ে হিমজুৱে বিশ্বাস কৰোঁ । বিগত বাইশ বছৰ চাকৰি কালত বহুতবাৰ জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ দৰ্শন কৰিলেও সুযোগ পালেই মূৰ দোঁৱাই আহিবলৈ আশা পুহি ৰাখো। পিছে ভুৱনেশ্বৰৰ নিচেই কাষত থকা লিংগৰাজ মহাপ্ৰভূৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য হোৱা নাছিল। আজি পুৱাই পবিত্র লিংগৰাজ মন্দিৰ দৰ্শনৰ সময়ত আমাৰ নিজৰ মা কামাখ্যা মন্দিৰ পৰিচালনা দিনক দিনে অৱনতি ঘটিবলৈ ধৰা কথা মোৰ মনলৈ আহিছিল। স্থানীয় লোকৰ উপৰিও দূৰ দূৰণিৰ পৰা আহি ধূৰ্ত্ত, পূজাৰী আৰু দালাল চক্ৰৰ হাতত লটিঘটি খাব লগীয়া তীৰ্থ যাত্রী সকলৰ মুখত তেওঁলোকৰ দূৰ্দশাৰ কথা শুনিলে আমি অসমীয়া জাতিটোক ইমান তললৈ নামি গ'লো নেকি ভাবিবলৈ বাধ্য হওঁ। অৱশ্যে কামাখ্যা শক্তিপীঠত অসমীয়াৰ লগতে বহুতো অনা অসমীয়া পূজাৰী আৰু পাণ্ডাই আধিপত্য বিস্তাৰ কৰি ভক্তগনক সময়ে সময়ে জুৰজুলুম কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতি আৰু চৰকাৰী প্ৰশাসনৰ ভূমিকা কি সেইটো নাজানোঁ। 

স্থানীয় ব্ৰহ্ম পূৰাণত উল্লেখ থকা মতে অনুমানিক ছয়শ শতাব্দীৰ মধ্য ভাগত সোম ৰাজবংশৰ ৰজা ললাট ইন্দু কেশৰীয়ে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা এই সুবিশাল শিৱ মন্দিৰটোৰ নিৰ্মাণ সমুহ কৰিছিল বাৰশ খ্ৰীষ্টাব্দত গংগা ৰাজ বংশৰ কেইবাজনো ৰজাই। মন্দিৰৰ ভিতৰত থকা সুবৃহৎ শিৱ লিংগটো হেনো প্ৰথমতে এডাল সুবিশাল আম গছৰ তলত উদ্ধাৰ হোৱাৰ পাছত সেই স্থানৰ নাম একাম্ৰা ক্ষেত্ৰ ( এতিয়াৰ ভুৱনেশ্বৰ) বুলি পৰিচিত হৈ পৰিছিল।  
কথিত আছে যে এঘাৰশ শতিকাত ৰজা যযাতি কেশৰীয়ে পোনপ্ৰথমবাৰৰ বাবে লিংগৰাজ মন্দিৰত পান-তামোল আগবঢ়াই পূজা সেৱা কৰাৰ পৰাই হিন্দুৱে দেৱীৰ পূজা উপাসনাত তামোল পাণ আগবঢ়োৱাৰ নিয়ম নীতি পালন কৰা হৈছিল। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে চাগে ভাৰতবৰ্ষৰ পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰি আহি আমাৰ অসমীয়া সমাজৰ নামঘৰত গুৱাপাণ আগবঢ়োৱাৰ ৰীতি নীতিৰ সৃষ্টি কৰিছিল বুলি ভৱাৰথল থাকিব পাৰে ।
পিছে বিগত পাঁচ বছৰৰ পাছত কালি সন্ধিয়া দৰ্শন কৰা জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ আৰু আজি পুৱাই দৰ্শন কৰা লিংগৰাজ মন্দিৰৰ ফুমাৰি ভাত খাব পৰা চাফ-চিকুন প্ৰাংগনৰ পৰা দূৰ দূৰণিলৈ ফুল-তুলসী, ধূপ-দীপৰ দোকান, দালাল আৰু পাণ্ডা-পূজাৰী এজনকো নেদেখি আচৰিত হৈ পৰিছিল। পূৰ্বতে বহুত বাৰ জগন্নাথ মন্দিৰৰ প্ৰাংগনত সোমাইয়েই কেতবোৰ পাণ্ডাৰ ধূৰ্তামি দেখি ভিতৰি ভিতৰি ক্ষুণ্ণ হৈ পৰিছিলোঁ। সেয়েহে মনৰ অনুসন্ধিৎসা দূৰ কৰিবলৈ উৰিষ্যাৰ সহকৰ্মী এজনক কথাটো সোধাত তেওঁ ক'লে, উৰিষ্যাৰ চৰকাৰে তীৰ্থ যাত্রীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু যাতে কোনো ঠগ-প্ৰবঞ্চকে তেওঁলোকক জোৰজুলুম কৰিব নোৱাৰে সেইবাবে সকলো তীৰ্থস্থানৰ পাঁচশ মিটাৰ পৰিসৰৰ ভিতৰত সকলো ধৰণৰ ব্যক্তিগত ব্যবসায়িক প্ৰতিষ্ঠান বন্ধ কৰিছে । লগতে চৰকাৰী পঞ্জীয়ন ভুক্ত পূজাৰীক পূজা পাঠৰ অনুমতি দিছে । লগতে চি চি টিভি যোগে তেওঁলোকৰ গতিবিধি লক্ষ্য ৰাখে । কথাখিনি শুনি মনতে ভাবিলোঁ আমাৰ পৰ্বত বাসিনী মা কামাখ্যাৰ শক্তিপীঠত এনে শান্তিময় পৰিবেশ দেখাৰ সৌভাগ্য ঘটিব নে ? আমাৰ চৰকাৰেও এনেধৰণৰ কিছু আগভাগ লবনে?
বিঃ দ্ৰঃ ভুৱনেশ্বৰৰ বিমান বন্দৰত বহি বহি লিখি যুগুতালোঁ । 
জয় মা কামাখ্যে বৰদেঃ নীল পৰ্বত বাসিনী।।
ধন্যবাদেৰে-

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)