ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৬•নবীন চন্দ্ৰ মেধি

©Admin
0
নিৰ্মল কুমাৰ শৰ্মাৰ চাহিদা বাঢ়িল । একে গাঁৱৰে ল'ৰা পাপু । নিৰ্মল কুমাৰৰ ছাত্ৰ সম । আগতে শিক্ষকতা কৰাৰ সময়ত সি সিহঁতৰ বিদ্যালয়তে পঢ়িছিল । পঢ়া শুনাৰ প্ৰতি তাৰ আগ্ৰহ হয়তো সিমান নাছিল । তথাপি সি কম্ফু কাৰাটে বক্সিং জাতীয় খেলবিলাকৰ প্ৰতি অলপ আকৃষ্ট হৈছিল । গোলাঘাট জিলাৰ পৰা সি কেবাবাৰো অসমৰ ভিতৰে বাহিৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । কিবাকিবি মেডেল লাভ কৰাৰ কথাও সি জানে । এবাৰ ভাৰতৰ বাহিৰত চীন দেশৰ কোনোবা এঠাইত খেলিবলৈ গৈ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল বুলি সি জানে । কিন্তু এইবিলাক খেলৰ প্ৰতি সি ইমান আগ্ৰহী নহয় বাবে জনাৰ ইচ্ছা নকৰিলে ।
সেই পাপু বোলা ল'ৰা জন এতিয়া নিৰ্মল কুমাৰ শৰ্মাই লিখা গল্প কবিতা প্ৰৱন্ধ উপন্যাস আদিৰ পৰম ভক্ত । সি লিখা মেলা কৰে বুলি জানে । গতিকে ফেচবুকত তেওঁৰ লিখনি বিচাৰি বিচাৰি পঢ়ে আৰু মন্তব্য আগবঢ়ায় । 
এদিন সি ক'লে - 

: ছাৰ আপুনি চুটি ছবি নিৰ্মাণ কৰিবৰ বাবে কাহিনী লিখক ।  আপোনাৰ পৰা আমি বহুত আশা কৰো । গান লিখক । আপুনি লিখা কাহিনীৰে আমি চুটি ছবি নিৰ্মাণ কৰিম । আপোনাৰ পৰা আমি বহুত আশা কৰো । আপুনি লিখিবলৈ আৰম্ভ কৰক । 
পাপুৰ কথা শুনি নিৰ্মল কুমাৰ শৰ্মাৰ আচৰিত হোৱাৰ পাল । তেওঁ লিখা কাহিনীৰে চুটি ছবি নিৰ্মিত হ'ব পাৰে বুলি কল্পনাই কৰিব পৰা নাছিল সি । ইমান মৰম চেনেহ আব্দাৰ সি যে লাভ কৰিব পাৰে ভাবি ভাল লাগিছিল তেওঁৰ । কিন্তু গীত ৰচনা কৰা ইমান সহজ নহয় ।  গীতৰ কথা সুৰ তাল মান একো নজনাকৈ কিদৰে গীত লিখা সম্ভৱ ? অৱশ্যে কাহিনী লিখিব পৰা হ'ব । গল্প উপন্যাস লিখা মেলা কৰে যেতিয়া অলপ কষ্ট স্বীকাৰ কৰিলে ভাল কাহিনী এটা লিখিব পৰা হ'ব নিশ্চয় । বাৰু দেখা যাওক সময়ত কি কৰিব পাৰি চাই ল'ব । 
এইসময়ত সি ব্যস্ত হৈ পৰিছে মাথোঁ আলোচনীখনৰ কামত । এখন ভাল কবিতাৰ আলোচনী হিচাপে যাতে "মন্দাকিনী" খন প্ৰকাশ কৰি উলিয়াব পাৰি তাৰ চিন্তাত ব্ৰতী হৈ পৰিছিল সি । জীৱনৰ প্ৰথম আলোচনী নহয় , ইতিমধ্যে আগতেও কেবাখনো প্ৰকাশ পাইছে । তথাপি এইবাৰো যাতে ভালদৰে আলোচনী খনৰ প্ৰকাশ কৰিব পাৰি তাৰ চেষ্টা কৰিছে । সফলতা লাভ কৰিবলৈ সক্ষম হ'লে উৎসাহ বৃদ্ধি পায় । বিফলতাৰ মুখ দেখিব লগা হ'লে নিৰুৎসাহ হয় । 

( আগলৈ )
✍️নবীন চন্দ্ৰ মেধি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)