নিঃসংগতাৰ মাজত -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
অভিমানী হৃদয়খন ইমান  
কিয় ঠুনুকা ভাবি নাপাওঁ কেতিয়াবা
ইমান আৱেগিকনে মই
সহজতে যে উচুপি উঠো 
আলসুৱা বুলি সকলোৱে কয়
কিন্তু মই সকলোতে প্ৰকাশ নকৰোঁ ।
নিজৰ পৰা আঁতৰি গৈছোঁ নেকি মই
নিজক বাৰু মই প্ৰতাৰণা কৰিছোঁ নেকি?
নে হাঁহি থকাৰ অভিনয়ত সদায়
এনেকৈয়ে সফল হ'ব ধৰিছো
বুজিব নোৱাৰোঁ চোন কথাবোৰ।
কেতিয়াবা এনেকুৱা লাগে
মইযে হাজাৰ ভিৰৰ মাজতো
বৰ অকলশৰীয়া হৈ থাকোঁ
আকৌ কেতিয়াবা ভাবোঁ 
উমহো নহয়তো মই অকলশৰীয়া
নিঃসংগতা চোন মোৰ আজীৱনৰ লগৰী
নিঃস্তব্ধ সময় আৰু নীৰৱ নিশা
আজিও আগৰ দৰেই প্ৰিয়
নিঃসংগতাৰ সৈতে বন্ধুত্বও 
বহুত বেছি আগৰ পৰাই
যেতিয়াৰ পৰাই মই নিজকে
নিঃসংগতাৰ মাজত বিচাৰি পোৱা হৈছোঁ।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)