সংশোধন - ৰেবিকা নেওগ

©Admin
0
আৰু তাৰ পিছত এদিন 
দুয়ো বন্ধকত থোৱা প্ৰতিশ্ৰুতিবোৰ ঘূৰাই লোৱা হয় 
এজনে যদি ইচ্ছা কৰি,
আৰু আনজনে বাধ্যত পৰি ।
অনমনীয় বুলি ঘোষণা কৰা কতবোৰ যে পৃষ্ঠাত সংশোধনৰ দাগ বহে!
তই নহ'লে নোৱাৰিম বোলাৰ পৰা  অকলেই ৰৈ যোৱালৈকে...
উশাহবোৰ ঘন হৈ উঠাৰ পৰা হুমুনিয়াহবোৰে নিশাহটো দীঘল কৰি পেলোৱালৈকে...
এই যে আকৌ বিশ্বাসৰ ভাওনা এখন থাকে! তাতো জগৰ লাগে  
সঁচাৰ টেগ লগাই থোৱা মিছাবোৰে এদিন মূৰ দাঙি উঠে, 
তেতিয়ালৈ গধুৰ হৈ অহা বিষাদবোৰো এড়াল দিয়াৰ সময় আহি পৰে, 
এনেকৈয়ে অনমনীয় হৃদয়ৰ সংবিধানতো সংশোধন আহে,
আৰু বাৰ্দ্ধক্য হৈ এদিন কাহিনীটো মৰি থাকে।                     



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)