আমাৰ বিদ্যালয়খন - প্ৰিয়ংকা ৰাজোৱাৰ

©Admin
0
কি যে মজা , 
কি যে মজা, 
আমাৰ বিদ্যালয়খন
ছাত্ৰ ছাত্ৰীৰে ভৰি থাকে ।
আমাৰ শ্ৰেণীকোঠাবোৰ , 
ছাৰ বাইদেউয়ে মৰম কৰে 
স্কুললৈ আহিলে।
 হোমৱৰ্ক কৰি যদি নানো, 
মুখলৈ চাই চকু পকাই দিয়ে ।
এডুকেশ্বন বাইদেউয়ে আমাক
ভালকৈ পাঠদান কৰে,
যদি আমি বুজি নাপাও 
বাৰে বাৰে বুজাই দিয়ে। 
ইংৰাজী বিষয় ইমান টান যে
ঘন কাকতি ছাৰে শিকাই, 
বুজি নোপোৱা লৈকে ছাৰে 
তন্ন তন্নকৈ দিয়ে বুজাই।।
দেৰিকৈ আহিলে স্কুল
বৰ যে ভয় লাগে ,
চকীদাৰে যে স্কুলৰ গেট 
বন্ধ কৰি দিয়ে। 
স্কুলত যদি আমি 
দুষ্টামি কৰো , 
প্ৰিঞ্চিপাল ছাৰে মাতি আনি
দাবী ধমকি দিয়ে ।

    ✍️প্ৰিয়ংকা ৰাজোৱাৰ 
         শ্ৰেণী - একাদশ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)