ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৬•নবীন চন্দ্ৰ মেধি

©Admin
0
নিৰ্মল কুমাৰে আজি দদায়েকৰ জীয়েক মামুহঁতৰ ঘৰলৈ সকাম খাবলৈ গৈছিল । সিদিনা অলপতে দদায়েকৰ ল'ৰা তুলনে আহি খবৰ দিছিলহি বায়েকৰ শহুৰেক ঢুকাল ।  বুধবাৰে দহদিনীয়া আৰু বৃহস্পতি বাৰে সকাম । 

মামুহঁতৰ শহুৰেকৰ ঘৰখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য । গতিকে দহদিনত দশপিণ্ড দি এঘাৰ দিনত সকাম অনুষ্ঠিত কৰে । কিন্তু বাকীসকলে ব্ৰাক্ষ্মণ লগাই আৰু তেৰ দিনীয়া, সোতৰ দিনীয়া , একৈশ দিনীয়া নতুবা এমহীয়া মানে মাহেকীয়া সকাম অনুষ্ঠিত কৰে । নিৰ্মল কুমাৰে বসবাস কৰা গাঁৱৰ নামঘৰত বা খেলৰ ৰাইজৰ মাজত এমহীয়া সকাম অনুষ্ঠিত কৰে । কাৰোবাৰ বিশেষ অসুবিধা হ'লেহে ১৭ দিনত সকাম অনুষ্ঠিত কৰাৰ নিয়ম আছে । 

আজিৰ পৰা প্ৰায় দহ বাৰ বছৰ মানৰ আগতে চুঙাজান অঞ্চলত দুটা ফৈদ আছিল । এটা ফৈদে তেৰ দিনীয়া সকাম অনুষ্ঠিত কৰে আৰু আনটো ফৈদে এমহীয়া সকাম অনুষ্ঠিত কৰে । দুয়োটা ফৈদৰ মাজত সৃষ্টি হোৱা পাৰস্পৰিক সংঘাতৰ বিষয় গৈ  যোৰহাট  মাজুলী পাইছিলগৈ । কেবাখনো সত্ৰৰ সত্ৰাধিকাৰ সকলৰ মতামত গ্ৰহণ কৰাৰ পাছত চুঙাজান আঞ্চলিক বৰ নামঘৰৰ মজিয়াত উত্থাপন হোৱা এই বিষয়ৰ ৰায়দান আহিছিল এনেদৰে - 

চুঙাজান আঞ্চলিক বৰ নামঘৰৰ অন্তৰ্গত সকলো খেলৰ ৰাইজে এটা পক্ষ পাৰ কৰাৰ পিছত দ্বিতীয় পক্ষৰ যিকোনো এটা দিনত  মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে শ্ৰাদ্ধানুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব । সেই ৰায়দান অনুসৰি ১৭ দিন , ২১ দিন অথবা ৩০ দিনৰ দিনা মৃতকৰ আত্মাৰ সদগতিৰ বাবে পৰিয়ালৰ সদস্যসকলে শ্ৰাদ্ধানুষ্ঠান বা সকাম অনুষ্ঠিত কৰে । এই নিয়ম অমান্য কৰিলে সেইঘৰ লোকৰ সকামলৈ ৰাইজ নাযায় । কিন্তু চুঙাজান অঞ্চলৰ বাহিৰত কোনোবাই যদি নিমন্ত্ৰণ জনায় তালৈ যোৱাত বাধা প্ৰদান কৰা নাই ।  নিৰ্মল কুমাৰে এইবোৰ বিশ্বাস নকৰে । দহ দিনত দশপিণ্ড দিয়াৰ পিছত তাত আৰু একো ছিদ্ৰ নাথাকে । এঘাৰ দিনতে সকাম অনুষ্ঠিত কৰিব পাৰে । যিটো কাম ব্ৰাক্ষণসকলে কৰিব পাৰে বাকীসকলে নোৱাৰাৰ কি কাৰণ আছে । বিগত দহটা দিনত সেইখন ঘৰলৈ যিসকলে আহি খা খবৰ লৈছে , দুখৰ সমভাগী হৈছে বা সমবেদনা জ্ঞাপন কৰিছে ,  সেইসকল লোকক নিমন্ত্ৰণ কৰি আনি শ্ৰদ্ধা নিবেদন কৰা এটি অনুষ্ঠান হৈছে এই শ্ৰাদ্ধানুষ্ঠান । গতিকে শব্দৰ অৰ্থ বুজি পোৱা সকলে ধৰ্ম কৰ্ম কৰি নাথাকি যেতিয়াই নিমন্ত্ৰণ কৰে তেতিয়াই গৈ দেখা কৰি আহিব পাৰে । 

ভনীয়েকৰ ঘৰৰ সকামৰ কথা সি পাহৰি গৈছিল । দিনটো দোকানত গ্ৰাহকৰ বাবে বোন্দাপৰ দি দি ভাগৰ লাগিছিল । বিক্ৰী বাৰ্তা দিনে দিনে কমি আহিছে । মানুহবোৰে বাকী বিচাৰে । বাকী দিয়ে । কিন্তু সময়মতে বাকী নিয়া ধনৰাশি ঘুৰাই নিদিয়াত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় । যদিহে কাৰোবাক সোঁৱৰাই দিয়ে তেতিয়া বেয়া পায় । পিছদিনাখনৰ পৰা বজাৰ কৰা বাদ দিয়ে । বাদ দিলেও দিয়ক । বাকীখিনি উঠাই লৈ লাহেকৈ ঘৰমুৱা হোৱাৰ কথাহে ভাৱিছে সি । ঘৰৰ পৰা আধা কিলোমিটাৰ নিলগত সদায় অহা-যোৱা কৰাৰ লগতে ৰাতি থাকিব লগা হোৱাৰ বাবে সি বহুত অসুবিধা ভোগ কৰিছে । ভাল নালাগে তাৰ অকলে অকলে দোকানখনতে দিনে ৰাতিয়ে থাকিবলৈ । গতিকে ঘৰৰ ওচৰলৈ দোকানখন লৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰিছে । ৰাতি থকাকৈ ক'ৰবাত যাও বুলিও যাব নোৱাৰে সি । আজিও ভনীয়েকৰ ঘৰৰ পৰা গুচি আহিব লগা হ'ল । খং উঠি আহিছিল তাৰ । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)