তোমাক কি লাগে কোৱা- কাৰ্তিক কুৰ্মি

©Admin
0
তোমাৰ লায়নী ওঠৰ এটি মিঠা হাঁহি মোক উপহাৰ দিয়া।
তাৰ বিনিময়ত তোমাক কি লাগে কোৱা?
জংকী পানৈৰ সঁচা প্ৰেমৰ জীয়া কাহিনী মনত নাই নে তোমাৰ?
কি ঠিক, 

তোমাৰ হাঁহিত কিজানি 
 মোৰ ভগ্ন হৃদয় বহাগ হৈ নাচে।
এয়া চোৱা, চোৱা নয়ন  ভৰি চোৱা মই নিজকে ৰেপি ৰেপি কাটিছোঁ। 
বুকুখন তেতিয়াবৰকৈ বিষাই জানা
ধৰ্ষিতা  জীয়ৰী য়ে যেতিয়া উচুপি কান্দে? 
দানৱবোৰে যেতিয়া হাঁহি মাৰে?
সেয়ে, ভয় লাগে তোমাক, 
তুমিও যে এগৰাকী নাৰী।
প্ৰেমৰ তৃপ্তি লʼব নাজানোঁ মই

দেহৰ আভৰণ  গুচাই 
দুহাতেৰে আলিংগন কৰিব নালাগে তুমি মোক।
কংক্রিটৰ সমাজত আত্মকেন্দ্রিক মানুহৰ মাজত
হাতত হাত থৈ সুখ দুখৰ 
লগৰী হৈ মোৰ জীৱনৰ অচল নাৱৰ নাৱিক হোৱা তুমি।
তোমাৰ লায়নী ওঠৰ এটি মিঠা হাঁহি মোক উপহাৰ দিয়া।
তাৰ বিনিময়ত তোমাক কি লাগে কোৱা?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)